ব্ৰিটেইনৰ সংসদত প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ ‘কামসূত্ৰ’ৰ উদাহৰণ; হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি
ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰে ব্ৰিটেইনৰ সংসদত কৰা এক মন্তব্য বিতৰ্কৰ সৃষ্টি কৰিছে।সংসদত প্ৰধানমন্ত্ৰী গৰাকীয়ে দিলে ‘কামসূত্ৰ’ৰ উদাহৰণ।
সংসদত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰে এক বিতৰ্কিত বক্তব্য প্ৰদান কৰিছিল, যাৰ বাবে তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।
হাউছ অৱ কমনছত প্ৰশ্নোত্তৰৰ সময়ত তেওঁ ‘কামসূত্ৰ’ৰ উদাহৰণ দি ধেমালী কৰিছিল,যিটোক বহুতে ‘ভুল’ আৰু ‘অপ্ৰয়োজনীয়’ বুলি অভিহিত কৰিছে।
এই বিতৰ্ক এনে সময়ত পোহৰলৈ আহিছে যেতিয়া লেবাৰ চৰকাৰে নিজৰ নীতি আৰু অৰ্থনৈতিক পৰিস্থিতিৰ সঘনাই পৰিৱৰ্তনৰ বাবে হেঁচাত পৰিছে।
বিৰোধী কনজাৰ্ভেটিভ নেতা কেমি বেডনাকে চৰকাৰৰ সঘন নীতি পৰিৱৰ্তনক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ উত্তৰত কিয়েৰ ষ্টাৰমাৰে কয় যে, ‘বিৰোধীয়ে১৪ বছৰত কামসূত্ৰতকৈ অধিক স্থিতি সলনি কৰিছে।
ইয়াত তেওঁলোক ভাগৰি পৰাটো কোনো আচৰিত কথা নহয়,তেওঁলোকে দেশৰ অৱস্থা নষ্ট কৰিছে।’ এই বক্তব্যৰ পিছত কিছু সময়ৰ বাবে সদনত মৌনতা অৱলম্বন কৰা হয়।
কেইবাজনো সাংসদ আৰু সদনত উপস্থিত থকাসকলে ইয়াক “অস্বস্তিকৰ” আৰু “অসময়ৰ কৌতুক” বুলি অভিহিত কৰিছে।
বিৰোধীয়ে লগে লগে এই কথাটোক আক্ৰমণ কৰি কয় যে গুৰুতৰ বিষয়ৰ সুনিৰ্দিষ্ট উত্তৰ দিয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে লঘু কৌতুকৰ আশ্ৰয় ল’লে।
লগতে পঢ়ক: ‘দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যু বৰদলৈক বিজেপিৰ এজেণ্ট’; বিশেষ পোষ্ট দি কংগ্ৰেছ ত্যাগ ৰেজাউল কৰিম সৰকাৰৰ