শোকাৱহ !ধানবনা মেচিনৰ ভিতৰত সোমাই মহিলাৰ মৃত্যু

ওদালগুৰিত এক শোকাবহ ঘটনা সংঘটিত হৈছে ।নলখামাৰাত ধানবনা মেচিনৰ ভিতৰত সোমাই মহিলাৰ মৃত্যু  হয়। ওদালগুৰি জিলাৰ নলখামাৰত সংঘটিত হৈছে এই ঘটনাটো।

নিহত মহিলা গৰাকী পূৰৱী নাথ।জানিব পৰা মতে নিজৰ ঘৰত থকা ধান মিলত পুৱা স্বামীৰ সৈতে কাম কৰি আছিল মহিলা গৰাকী।কিন্তু মিলৰ মেচিনত নিজৰ গাৰ কাপোৰ সোমাই যোৱাত মুহুৰ্ততে মৃত্যু হয় মহিলা গৰাকীৰ।

প্ৰায় ১৪ বছৰ পূৰ্বে নলখামাৰা গাঁওৰ শৈলেন নাথৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল পূৰৱী নাথ। এটি পুত্ৰ আৰু এজনী জিয়ৰী আছিল পুৰৱী নাথৰ।

ধান বনা মিলটোতে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল এই পৰিয়ালটোৱে। এই কৰুণ ঘটনাই অঞ্চলজুৰি ইতিমধ্যে শোকৰ ছাঁ পেলাইছে।