আলী খামেনিৰ অন্ত্যেষ্টিক্ৰিয়া: ভাৰতক প্ৰতিনিধিত্ব কৰিব বিহাৰৰ ৰাজ্যপাল আৰু মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই

প্ৰকাশিত বাতৰি অনুসৰি ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতাগৰাকীৰ অন্ত্যোষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব বিহাৰৰ ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গঘেৰিটাই

ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লাহ ছৈয়দ আলী খামেনিৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনাইন (অৱসৰপ্ৰাপ্ত) আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিতাই অংশগ্ৰহণ কৰিব বুলি জনিব পৰা গৈছে । সোমবাৰে একাংশ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে ।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাইছিল । অৱশ্যে, প্ৰধানমন্ত্ৰীয়ে ইৰান ভ্ৰমণ কৰিব নে নাই সেই বিষয়ে নতুন দিল্লীয়ে এতিয়াও নিশ্চিত কৰা নাই ।

৪ জুলাইৰ পৰা ইৰানৰ প্ৰাক্তন সৰ্বোচ্চ নেতাগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী আৰম্ভ হ’ব । সেইদিনা খামেনিৰ নশ্বৰ দেহত জনসাধাৰণে শ্ৰদ্ধাঞ্জলিৰ জনাবৰ বাবে তেহৰানৰ গ্ৰেণ্ড মোছাল্লাত ৰখা হ’ব । তেহৰান আৰু পৱিত্ৰ চহৰ কোমত শোভাযাত্ৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে, লগতে ইৰাকৰ নাজাফ আৰু কাৰবালা চহৰতো প্ৰাৰ্থনা সভা অনুষ্ঠিত হ’ব বুলি প্ৰকাশ পাইছে ।

৯ জুলাইত খামেনিৰ জন্মস্থান মাশ্বাদৰ ইমাম ৰেজা মাজাৰত তেওঁক সমাধিস্থ কৰা হ’ব । ২৮ ফেব্ৰুৱাৰীত তেহৰানত হোৱা আমেৰিকা-ইজৰাইলৰ বিমান আক্ৰমণত খামেনিৰ মৃত্যুৰ পিছত মূলতঃ মাৰ্চ মাহত এই অন্ত্যেষ্টিক্ৰিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও আঞ্চলিক সংঘাতৰ বাবে সেয়া পিছুৱাই দিয়া হৈছিল ।

খামেনিৰ মৃত্যুৰ পিছত ইৰানৰ এছেম্বলী অৱ এক্সপাৰ্টছে তেওঁৰ পুত্ৰ মুজতবা খামেনিক উত্তৰসূৰী হিচাপে নিৰ্বাচিত কৰে । এই নিযুক্তিৰ জৰিয়তে দেশখনৰ সৰ্বোচ্চ ৰাজনৈতিক আৰু ধৰ্মীয় পদবী প্ৰথমবাৰৰ বাবে পিতৃৰ পৰা পোনে পোনে পুত্ৰলৈ হস্তান্তৰিত হৈছে । প্ৰকাশিত প্ৰতিবেদন অনুসৰি, সংঘাতৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত মুজতবা বৰ্তমান এটা সুৰক্ষিত স্থানত আছে আৰু চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে তেওঁৰ যোগাযোগ সীমিত বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ঐতিহাসিক বন্ধুত্বঃ প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ ইৰানৰ সৰ্বোচ্চ নেতা মুজতবা খামেনেইৰ