আমেৰিকাৰ পিছত ইটালীৰ সৈতে ইৰাণৰ সংঘৰ্ষ, কিয় ?

যোৱা ১৩ ডিচেম্বৰত সাংবাদিক ভিছা লৈ দেশলৈ আহিছিল ইটালীৰ সাংবাদিক চেচিলিয়া ছালা আৰু ইছলামিক ৰিপাব্লিকৰ আইন উলংঘা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল। এই গ্ৰেপ্তাৰৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে। শেহতীয়াকৈ ইৰাণত ইটালীৰ এগৰাকী সাংবাদিক চেচিলিয়া চালাক গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাই ইটালী আৰু ইৰাণৰ মাজত কূটনৈতিক সম্পৰ্ক তিক্ত কৰি তুলিছিল। এতিয়া দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত উত্তেজনা দেখা গৈছে। এই বিষয়টো অতি জটিল। তৃতীয়খন দেশ আমেৰিকাও এই বিবাদৰ সৈতে জড়িত, যাৰ বাবে এই ঘটনা তিনিওখন দেশৰ বাবে কূটনৈতিক সমস্যা হৈ পৰিছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইটালীয়ে বৃহস্পতিবাৰে ইৰাণৰ ৰাষ্ট্ৰদূতক মাতি আনি এজন ইটালীৰ সাংবাদিকক মুকলি কৰি দিয়াৰ দাবী জনাইছিল, আনহাতে তেহৰানে ইটালীক ইৰাণৰ এজন নাগৰিকক মুকলি কৰি দিবলৈ দাবী জনাইছিল।ইৰাণে মুক্তিৰ দাবী কৰা লোকজনক জৰ্ডানত ড্ৰ’ন আক্ৰমণৰ বাবে আমেৰিকাৰ ৱাৰেণ্টৰ ভিত্তিত ইটালীত গ্ৰেপ্তাৰ কৰা হৈছিল। এবছৰৰ পূৰ্বে এই আক্ৰমণত তিনিজন আমেৰিকান নিহত হৈছিল।

নৱবৰ্ষৰ প্ৰথম দিনটোতেই কঁপি উঠিল আমেৰিকা ,দুৰ্বৃত্তৰ আক্ৰমণত ১০ জন নিহত

২০২৫ ৰ প্ৰথম দিনটোতেই এক ভয়াৱহ ঘটনা সংঘটিত হৈছে আমেৰিকাত।আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ অৰলিন্সত এই শোকাৱহ ঘটনা সংঘটিত হৈছে। ইয়াত এখন ট্ৰাকে তীব্ৰ গতিত আহি মহতিয়াই নিয়ে কেইবাজনো লোকক।

জানিব পৰা মতে নতুন বছৰটো উদযাপন কৰিবলৈ বৰ্বন ষ্ট্ৰীটত হাজাৰ হাজাৰ লোক সমবেত হৈছিল।সেই সময়তে ট্ৰাকখনে লোক সকলক মহতিয়াই নিয়ে।

ইয়াৰ পিছত বাহনখনৰ পৰা চালকজন নামি লোকসকললৈ গুলীবৰ্ষণ কৰে। য়াৰ ফলত ১০ জনকৈ লোক নিহত হোৱাৰ লগতে ৩০জন লোক গুৰুত্বৰ ভাৱে আহত হৈছে। ঘটনাটো পুৱা প্ৰায় ৩.১৫ বজাত সংঘটিত হৈছিল।

সমগ্ৰ ঘটনাৰ অন্তৰালত বিদেশী শক্তি জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে। আৰক্ষীৰ লোক সকলে ততাতৈয়াকৈ আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰাই। ঘটনাক লৈ সমগ্ৰ নিউ অৰলিন্সত জাৰি কৰা হৈছে হাই এলাৰ্ট ।     

নবেল বঁটা বিজয়ী জিমি কাৰ্টৰৰ দেহাৱসান; ১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৯ তম ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰৰ দেওবাৰে ১০০ বছৰ বয়সত মৃত্যু হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমই এই তথ্য দিছিল।

জিমি কাৰ্টাৰ ১৯৭৭ চনৰ পৰা ১৯৮১ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল। তেওঁৰ সততা আৰু মানৱীয় প্ৰচেষ্টাৰ বাবেও তেওঁ প্ৰশংসিত হৈছিল।ইজৰাইল আৰু ইজিপ্তৰ মাজত শান্তি স্থাপনৰ বাবে তেওঁক শান্তিৰ নবেল বঁটা প্ৰদান কৰা হৈছিল।

১৯২৪ চনৰ ১ অক্টোবৰত জন্মগ্ৰহণ কৰা কাৰ্টাৰে ১৯৭৭ চনত আৰ ফৰ্ডক পৰাস্ত কৰি ৰাষ্ট্ৰপতি হয়। এই সময়ছোৱাত তেওঁ মধ্যপ্ৰাচ্যৰ সৈতে আমেৰিকাৰ সম্পৰ্কৰ ভেটি স্থাপন কৰে।

মধ্যপ্ৰাচ্যৰ শান্তিৰ দূত হিচাপে পৰিচিত আছিল ৰাষ্ট্ৰপতিগৰাকী। বিশ্ব স্বাস্থ্য আৰু মানৱ অধিকাৰৰ বাবে অক্লান্তভাৱে কাম কৰি গৈছিল তেওঁ। কাৰ্টাৰ আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘজীৱী ৰাষ্ট্ৰপতি।

১৯৭৮ চনত ইজৰাইল আৰু ইজিপ্তৰ মাজত হোৱা কেম্প ডেভিদ চুক্তিৰ বাবে তেওঁৰ ৰাষ্ট্ৰপতিত্ব সৰ্বশ্ৰেষ্ঠভাৱে স্মৰণীয়, যি চুক্তিয়ে মধ্য প্ৰাচ্যলৈ কিছু স্থিৰতা আনিছিল। ইয়াৰ বাবে তেওঁক ২০২২ চনত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ বাইডেনে কাৰ্টাৰক এজন মৰমৰ বন্ধু আৰু অসাধাৰণ নেতা বুলি অভিহিত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৈছিল যে আমেৰিকানসকলে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতাৰ ঋণী। জিমি কাৰ্টাৰক সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত, পৰম্পৰা অনুসৰি, আমেৰিকাৰ পতাকা চৰকাৰী ভৱনবোৰত অৰ্ধনমিত বাৱে উৰোৱা হ’ব। এই পৰম্পৰাটো হোৱাইট হাউচৰ পৰা স্থানীয় বিদ্যালয়লৈকে অনুসৰণ কৰা হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেটেৰেন্স এফেয়াৰ্ছ বিভাগৰ মতে, এজন ৰাষ্ট্ৰপতি বা প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত ৩০ দিনৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ভৱন, ভূমি আৰু নৌ-জাহাজ আৰু ইয়াৰ সকলো অঞ্চলতে পতাকাখন অৰ্ধনমিত হৈ থাকিব।

ভাৰততকৈ ১০ গুণ বেছি ঋণ আমেৰিকাৰ… জানক বিশ্বৰ ১০ খন বৃহৎ ঋণগ্ৰস্ত দেশৰ বিষয়ে

পৃথিৱীৰ ওপৰত ঋণৰ বোজা ক্ৰমাগতভাৱে বাঢ়ি গৈ আছে । ইয়াৰ পৰিসংখ্যা ১০২ ট্ৰিলিয়ন ডলাৰ হৈছেগৈ যিটো আশ্চৰ্যকৰ । আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ উদ্ধৃতিৰে ঋণী দেশৰ তালিকা শ্বেয়াৰ কৰিছে ৱৰ্ল্ড অৱ ষ্টেটিষ্টিকছে (World of Statistics) । য’ত আমেৰিকাৰ ঋণ সৰ্বাধিক, আনহাতে চীন আৰু জাপান দ্বিতীয় আৰু তৃতীয় স্থানত আছে । ভাৰতৰ কথা ক’বলৈ গ’লে বিশ্বৰ মুঠ ঋণৰ ৩.২% ভাৰতৰ হাতত আছে । শীৰ্ষ ১০খন ঋণগ্ৰস্ত দেশৰ সম্পূৰ্ণ তালিকা চাওঁ আহক…

আমেৰিকা হৈছে আটাইতকৈ ডাঙৰ ঋণী দেশ-

যদি আপুনি ৱৰ্ল্ড অৱ ষ্টেটিষ্টিকছে প্ৰকাশ কৰা তথ্যসমূহ চায়, তেন্তে বৰ্তমান বিশ্বৰ মুঠ ঋণ ১০২ ট্ৰিলিয়ন ডলাৰ আৰু ইয়াৰ আটাইতকৈ ডাঙৰ শ্বেয়াৰহোল্ডাৰ হৈছে আমেৰিকা, যাৰ ঋণ ৩৬ ট্ৰিলিয়ন ডলাৰ, যিটো হৈছে বিশ্বৰ ঋণৰ ৩৪.৬ শতাংশ ।

দ্বিতীয় স্থানত ড্ৰেগনৰ দেশ-

বিশ্বৰ দ্বিতীয় বৃহত্তম ঋণগ্ৰস্ত দেশ চীন । চীনৰ ঋণৰ কথা ক’বলৈ গ’লে ইয়াৰ পৰিমাণ বিশাল । দেশখনৰ ঋণ আছে ১৪.৬৯ ট্ৰিলিয়ন ডলাৰ । যিটো বিশ্বৰ মুঠ ঋণৰ ১৬.১ শতাংশ ।

তৃতীয় স্থানত জাপান-

ঋণৰ ক্ষেত্ৰত আমেৰিকা আৰু চীনৰ পিছতে তৃতীয় স্থানত আছে জাপান । আই এম এফৰ তথ্য অনুসৰি বিশ্বৰ মুঠ ঋণৰ ১০ শতাংশ জাপানৰ । প্ৰতিবেদন অনুসৰি ই প্ৰায় ১০.৮০ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে ।

ব্ৰিটেইনৰ পৰা ইটালীলৈকে অন্তৰ্ভুক্ত-

শীৰ্ষ ১০ খন বৃহৎ ঋণগ্ৰস্ত দেশৰ তালিকাত পৰৱৰ্তী নাম ব্ৰিটেইন (ইউ কে) । যি বিশ্বৰ ঋণৰ ৩.৬ শতাংশ । ইয়াৰ বাহিৰেও ফ্ৰান্সৰ অংশ ৩.৫ শতাংশ আৰু ইটালীৰ অংশ ৩.২ শতাংশ ।

সপ্তম স্থানত ভাৰত-

ঋণৰ ক্ষেত্ৰত ভাৰত তালিকাৰ শীৰ্ষ দহৰ ভিতৰত সপ্তম স্থানত আছে আৰু ইয়াৰ ঋণ আমেৰিকাতকৈ ১০ গুণ কম । বিশ্বৰ মুঠ ঋণৰ ভিতৰত ভাৰতৰ অংশ ৩.২% । ইয়াৰ পিছতে জাৰ্মানী (২.৯%), কানাডা (২.৩%), ব্ৰাজিল (১.৯%) । কিন্তু জি ডি পি অনুপাতৰ ফালৰ পৰা চালে ঋণী দেশৰ এই তালিকাখন যথেষ্ট বেলেগ দেখা যাব ।

চীন-ইৰাণৰ ওপৰত কঠোৰ আমেৰিকা ; কেইবাটাও কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ

আমেৰিকা যুক্তৰাষ্ট্ৰই চাৰিখন দেশৰ কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি ইৰাণৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।ইয়াত ভাৰতৰ এটা কোম্পানীও অন্তৰ্ভুক্ত আছে।এই কোম্পানীবোৰৰ ওপৰত ইৰাণৰ সৈতে তেল ব্যৱসায় কৰাৰ অভিযোগ আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগে এক প্ৰকাশিত বিবৃতিত কৈছিল যে ইৰাণৰ সৈতে তেল ব্যৱসায় কৰাৰ বাবে চাৰিটা কোম্পানী আৰু তিনিখন জাহাজ নিষিদ্ধ কৰা হৈছে।

এই বাণিজ্যে ইৰাণ চৰকাৰৰ বাবে বিলিয়ন ডলাৰ ৰাজহ উপাৰ্জন কৰে।যিটো তেওঁলোকে সন্ত্ৰাসবাদক সমৰ্থন কৰিবলৈ আৰু তেওঁলোকৰ নিজৰ লোকৰ ওপৰত অত্যাচাৰ কৰিবলৈ ব্যৱহাৰ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ পৰা তেল ক্ৰয় কৰাৰ অভিযোগত আটলাণ্টিক নেভিগেচন অ’পিচি প্ৰাইভেট লিমিটেড নামৰ এটা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

ভাৰতৰ উপৰিও আন তিনিটা কোম্পানী নিষিদ্ধ কৰা হৈছে।তাৰে এটা হৈছে ব্ৰেকেলিন চীন কোম্পানীটো।  আমেৰিকা যুক্তৰাষ্ট্ৰই অভিযোগ কৰিছে যে এই সকলো বোৰ কোম্পানী ইৰাণৰ পৰা পেট্ৰ’লিয়াম বা পেট্ৰ’লিয়াম সামগ্ৰী ক্ৰয়, বিক্ৰী আৰু পৰিবহনৰ লেনদেনত জড়িত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সিদ্ধান্তৰ পিছতেই ইৰাণত হাহাকাৰ;  ভাৰতটো পৰিব প্ৰভাৱ

আমেৰিকাৰ এটা সিদ্ধান্তই শত্ৰু দেশ ইৰাণক এক মোক্ষম আঘাত দিছে।জ’ বাইডেনৰ প্ৰশাসনে মঙলবাৰে ৩৫ টা কোম্পানী আৰু জাহাজৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে যিয়ে ইৰাণৰ তেল আন দেশলৈ পৰিবহন কৰে।

ইয়াৰ ফলত ইৰাণত আতংকৰ সৃষ্টি হৈছে। আমেৰিকাৰ এই সিদ্ধান্তই তেহৰাণৰ লগতে ভাৰতৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা নিষিদ্ধ কৰা ৩৫ টা কোম্পানীৰ ভিতৰত ভাৰতৰ দুটা কোম্পানীও

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা আৰোপ কৰা নিষেধাজ্ঞাবোৰৰ ভিতৰত আছে ভাৰতৰ উপৰিও, সংযুক্ত আৰৱ আমিৰাত, চীন, লাইবেৰিয়া, হংকংকে ধৰি অন্যান্য দেশৰ কোম্পানী আৰু জাহাজ আছে, যাক নিষিদ্ধ কৰা হৈছে।

এক বিবৃতিত কোষাগাৰ বিভাগে কয় যে ১ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ আক্ৰমণৰ পিছত এই পদক্ষেপ তেহৰাণৰ বাবে আন এক মোক্ষম আঘাত। ১১ অক্টোবৰত আৰোপ কৰা নিষেধাজ্ঞাৰ পিছত ইৰানে ইয়াৰ পাৰমাণৱিক কাৰ্যসূচী ত্বৰান্বিত কৰাৰ কথা ঘোষণা কৰিছে।

সন্ত্ৰাসবাদ আৰু বিত্তীয় চোৰাংচোৱা বিভাগৰ কাৰ্যকৰী আণ্ডাৰচেক্ৰেটৰী ব্ৰেডলী টি. স্মিথে কয়,”ইৰাণে পেট্ৰ’লিয়াম বাণিজ্যৰ পৰা পোৱা ৰাজহ পাৰমাণৱিক কাৰ্যসূচীলৈ পৰিৱৰ্তন কৰি আছে, বেলিষ্টিক মিছাইল আৰু ড্ৰোনৰ প্ৰসাৰআৰু সন্ত্ৰাসবাদীৰ ওপৰত ব্যয় কৰি আছে, এইটোৱে অঞ্চলটোত অধিক অস্থিৰতা সৃষ্টি কৰাৰ ভাবুকি দিছে’’।

তেওঁ আৰু কয়, “আমেৰিকা যুক্তৰাষ্ট্ৰ আমাৰ সকলো সম্পদ আৰু কৰ্তৃত্ব ব্যৱহাৰ কৰি এই অবৈধ কাৰ্যকলাপবোৰ ৰক্ষা কৰা জাহাজসমূহ বন্ধ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”

আমেৰিকাত বাজিল আন এজন ভাৰতীয়ৰ ডংকা, কাশ পেটেলক এফ বি আইৰ নতুন সঞ্চালক নিযুক্তি ট্ৰাম্পৰ

ভাৰতীয় মূলৰ আন এজন ব্যক্তিয়ে আমেৰিকাত লাভ কৰিছে গুৰুত্বপূৰ্ণ তথা ডাঙৰ দায়িত্ব । আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাশ পেটেল (Kash Patel)ক এফ বি আই (FBI)ৰ সঞ্চালক হিচাপে মনোনীত কৰিছে । শনিবাৰে (৩০ নৱেম্বৰ, ২০২৪) ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ট্ৰাম্পে লিখিছে যে কাশ্যপ ‘কাশ’ পেটেলে ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন (এফ বি আই)ৰ পৰৱৰ্তী সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিব বুলি ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছো ।

ড’নাল্ড ট্ৰাম্পে আৰু লিখিছে, ‘কাশ এজন মেধাৱী অধিবক্তা, অনুসন্ধানকাৰী আৰু ‘আমেৰিকা ফাৰ্ষ্ট’ যোদ্ধা যিয়ে দুৰ্নীতিৰ উন্মোচন, ন্যায় ৰক্ষা আৰু আমেৰিকাৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰি নিজৰ কেৰিয়াৰ অতিবাহিত কৰিছে ।‘

এফ বি আইৰ কামৰ ধৰণক লৈ ট্ৰাম্প ক্ষুব্ধ নেকি ?

এই নতুন নিযুক্তিয়ে ট্ৰাম্পৰ দৃষ্টিভংগী দেখুৱাইছে য’ত তেওঁ চৰকাৰৰ আইন প্ৰয়োগকাৰী আৰু চোৰাংচোৱা সংস্থাসমূহৰ পৰিৱৰ্তন প্ৰয়োজনীয় বুলি বিবেচনা কৰিছে । এই পৰিৱৰ্তনে এইটোও দেখুৱাইছে যে ট্ৰাম্প এতিয়াও এফ বি আইৰ কামৰ ধৰণক লৈ ক্ষুব্ধ । আচলতে তেওঁৰ অভিযোগনামাৰ কাৰণ আছিল এফ বি আই নিজেই ।

ক্রিষ্টোফাৰ ৰেৰ ঠাই লব কাশ পেটেলে-

যদিহে পেটেলক নিযুক্তি দিয়া হয় তেন্তে তেওঁ ২০১৭ চনত ট্ৰাম্পে নিযুক্তি দিয়া ক্রিষ্টোফাৰ ৰেৰ ঠাই ল’ব । যিজনে ট্রাম্প আৰু তেওঁৰ মিত্রশক্তিৰ বিৰুদ্ধাচাৰণ কৰিবলৈ আৰম্ভ কৰিছিল ৷ যদিও এফ বি আইৰ মুৰব্বী পদৰ কাৰ্যকাল ১০ বছৰ, কিন্তু ট্ৰাম্পে তেওঁক আৰু এফ বি আইক লৈ দীৰ্ঘদিন ধৰি ৰাজহুৱা সমালোচনা কৰাৰ পৰিপ্ৰেক্ষিতত যোৱা কেইদিনমানৰ পৰা তেওঁক পদৰ পৰা অপসাৰণৰ বিষয়ে জল্পনা-কল্পনা চলি আছিল ।