আই এন এছ বিক্ৰান্তত নৌসেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ

নৌসেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ গোৱাৰ উপকূলত আই এন এছ বিক্ৰান্তত ভাৰতীয় নৌসেনাৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰে । তেওঁ নিজ হাতেৰে জোৱানসকলক মিঠাই খুৱাই আৰু তেওঁলোকৰ দেশপ্ৰেমমূলক গীত শুনে ।

আই এন এছ বিক্ৰান্তত প্ৰধানমন্ত্ৰী মোদীয়ে মিগ-২৯কে যুঁজাৰু বিমানৰ কাষে কাষে ফ্লাইটডেকত দিন আৰু ৰাতি দুয়োটা সময়তে চুটি ৰাণৱেত উৰণ আৰু অৱতৰণ কৰা মিগ ২৯ যুঁজাৰু বিমানৰ এয়াৰ পাৱাৰ ডেমোৰ সাক্ষী হয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে সাংস্কৃতিক কাৰ্যসূচীও উপভোগ কৰে য’ত আই এন এছ বিক্ৰান্তৰ বিষয়া আৰু নাৱিকসকলে দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে । এই দেশপ্ৰেমমূলক গীতসমূহৰ ভিতৰত আছিল অপাৰেচন সিন্দুৰত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সফলতাৰ স্মৃতিত নৌসেনাৰ জোৱানৰ দ্বাৰা ৰচিত বিশেষ গীত । ইফালে দেওবাৰে নিশা নৌসেনাৰ জোৱান আৰু বিষয়াৰ সৈতে ৰাতিৰ আহাৰো গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

আজি পুৱা প্ৰধানমন্ত্ৰীয়ে আই এন এছ বিক্ৰান্তত যোগাসনত অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে নৌসেনাৰ জোৱানৰ এক দৰ্শনীয় ফ্লাইপাষ্টৰ সাক্ষী হয়, য’ত নৌসেনাৰ যুঁজাৰু বিমানে বিভিন্ন কৌশল প্ৰদৰ্শন কৰে । ইয়াৰ পিছতে নৌসেনাৰ জোৱানসকলক সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপন কৰি কয়, “আপোনালোক সকলো নৌসেনাৰ সাহসী জোৱানৰ মাজত দীপাৱলীৰ এই পৱিত্ৰ উৎসৱ উদযাপন কৰিবলৈ পাই মই সৌভাগ্যৱান । যোৱা নিশা বিক্ৰান্তত মোৰ যি অভিজ্ঞতা হৈছিল সেয়া শব্দৰে বৰ্ণনা কৰাটো টান । মই আপোনালোকক আনন্দ আৰু উৎসাহেৰে ভৰি থকা দেখিলোঁ… আপোনালোকে নিজৰ গীত গাইছিল । যিদৰে আপোনালোকে আপোনালোকৰ গীতত অপাৰেচন সিন্দুৰৰ বৰ্ণনা কৰিছিল, যুদ্ধক্ষেত্ৰত থিয় হৈ থকা সৈনিকে যি অনুভৱ কৰিব পাৰে, সেই অনুভৱ হয়তো আন কোনোৱেই প্ৰকাশ কৰিব নোৱাৰিব ।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মাত্ৰ কেইমাহমানৰ আগতে আমি দেখিছিলো যে কেনেকৈ কেৱল বিক্ৰান্ত নামটোৱে পাকিস্তানৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল । ইয়াৰ শক্তি এনেকুৱাই… যুদ্ধ আৰম্ভ হোৱাৰ আগতেই শত্ৰুৰ মনোবল হ্ৰাস কৰিব পৰা নাম । এয়াই হৈছে আই এন এছ বিক্ৰান্তৰ শক্তি ।”

লগতে পঢ়ক : অপাৰেচন সিন্দুৰ মাত্ৰ এক ট্ৰেইলাৰ আছিলঃ পাকিস্তানক ৰঙাচকু ৰাজনাথ সিঙৰ