কংগ্ৰেছত বিদ্ৰোহ! দল এৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চ’ৰাত বিদ্ৰোহৰ আৰম্ভণি হৈছে। লাহৰীঘাটত আছিফ নজৰক টিকট দিলেই কংগ্ৰেছ এৰিব বুলি AICCলৈ প্ৰদ্যুৎ বৰদলৈয়ে দিছে বিস্ফোৰক পত্ৰ।

নিৰ্বাচনৰ প্ৰাকক্ষণত অসম প্ৰদেশ কংগ্ৰেছত অসন্তুষ্টিৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে।কংগ্ৰেছ ত্যাগ কৰাৰ হুংকাৰ দিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। জানিব পৰা মতে, লাহৰীঘাটত আছিফ নজৰক টিকট দিলেই কংগ্ৰেছ এৰিব বুলি AICCলৈ প্ৰদ্যুৎ বৰদলৈয়ে দিছে বিস্ফোৰক পত্ৰ। অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙলৈ বিস্ফোৰৰ পত্ৰ প্ৰেৰণ প্ৰদ্যুৎ বৰদলৈৰ।পত্ৰখনত আছিফ নজৰক টিকট দি ফৰিদুলক বাদ দিলেই কংগ্ৰেছ এৰিব বুলি লিখিছে প্ৰদ্যুৎ বৰদলৈয়ে।

পত্ৰখনত লিখিছে যে, শ্ৰদ্ধেয়  জিতেন্দ্ৰ সিং ডাঙৰীয়া,  বহুত কষ্ট আৰু যন্ত্ৰণা লৈ আপোনালোকলৈ এই চিঠিখন লিখিছো। মই চাগে আপোনাক আগতেও বহুবাৰ কৈছোঁ যে মই আক্ষৰিক অৰ্থত কংগ্ৰেছ দলৰ সৈতে ডাঙৰ-দীঘল হৈছো আৰু মোৰ জীৱনত মই যি যি পদবী লাভ কৰিছো, সেইয়া কেৱল কংগ্ৰেছ দলৰ বাবেই সম্ভৱ হৈছে।

(১) চমুকৈ ক’বলৈ গ’লে, মই তেতিয়াই চৰম আঘাট পাইছিলো যেতিয়া নগাঁও আৰক্ষীয়ে স্বতঃস্ফূৰ্তভাৱে (suo moto) তদন্ত কৰি লাহৰীঘাটৰ এজন পৰিচিত দুৰ্ধৰ্ষ অপৰাধী আৰু বিধায়ক ড° আছিফ নাজাৰৰ অতি ঘনিষ্ঠ সহযোগী ইমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰি অভিযোগনামা দাখিল কৰিছিল। যোৱা ২৭ এপ্ৰিল ২০২৫ তাৰিখে ধিঙৰ ডুমডুমীয়াত মোৰ ওপৰত আৰু মোৰ সৈতে একেখন গাড়ীত ভ্ৰমণ কৰি থকা বিধায়িকা শিৱামণি বৰাৰ ওপৰত ২০ জনীয়া মুখাপিন্ধা এটা দুষ্কৃতিকাৰীৰ দলে অস্ত্ৰ আৰু লোহাৰ ৰড লৈ আক্ৰমণ চলাইছিল।তাৰ মূল মাষ্টাৰমাইণ্ড আছিল এই ইমদাদুল ইছলাম। কিন্তু মোৰ বাবে যিটো অগ্ৰহণযোগ্য সেয়া আছিল লাহৰীঘাটৰ বিধায়ক আছিফ নজৰে ইমদাদুল ইছলামক দিয়া নায়ক আদৰণি, যেতিয়া তেওঁ দুমাহমান আগতে জামিনত জেলৰ পৰা ওলাই আহিছিল।

(২) ড° আছিফ নাজাৰে কেৱল সেই অপৰাধীটোক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাসগৃহলৈকে লৈ যোৱাই নহয়, বৰঞ্চ যোৱা ১১ জানুৱাৰীত অভিযোগনামা দাখিল কৰা অপৰাধী ইমদাদুল ইছলামক গৌৰৱ গগৈৰ দ্বাৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰে। সেইদিনাই সভাপতিগৰাকীৰ এই দুষ্কাৰ্য বা ভুলৰ কথা গম পাই মই লগে লগে গৌৰৱ গগৈক ফোন কৰি প্ৰতিবাদ জনাইছিলোঁ, ইমদাদুল ইছলামৰ অপৰাধমূলক কাৰ্যকলাপৰ বিষয়ে অৱগত কৰিছিলোঁ আৰু ড° আছিফ নাজাৰৰ এই অপৰাধী নেক্সাছক আশ্ৰয় নিদিবলৈ অনুৰোধ জনাইছিলোঁ।

(৩) কিন্তু মোৰ বাবে চৰম দুৰ্ভাগ্য আৰু অপমানৰ বিষয় যে, তাৰ পিছদিনা অৰ্থাৎ ১২ জানুৱাৰী তাৰিখে মৰিগাঁৱত অনুষ্ঠিত হোৱা দলৰ এক বৃহৎ যোগদান কাৰ্যসূচীত (য’ত মই নিজেও উপস্থিত আছিলোঁ), প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সেই দুৰ্ধৰ্ষ অপৰাধীটোক মঞ্চত তেওঁৰ ঠিক পিছফালে ড° আছিফ নাজাৰৰ সৈতে বহিবলৈ দিছিল।

(৪) অপৰাধৰ লগত জড়িত থকাৰ সকলো প্ৰমাণ দেখুৱাই মই স্ক্ৰীনিং কমিটিৰ অধ্যক্ষ শ্ৰীমতী প্ৰিয়ংকা গান্ধীৰ ওচৰত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে লাহৰীঘাটৰ পৰা ড° আছিফ নাজাৰৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিলোঁ। তথাপিও, যোৱা ১৩ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত উত্তৰ প্ৰদেশৰ এজন সাংসদ তথা স্ক্ৰীনিং কমিটিৰ সদস্য ইমৰাণ মাছৌদে শ্ৰী মল্লিকাৰ্জুন খাৰ্গে, শ্ৰী ৰাহুল গান্ধী, শ্ৰী কে.চি. বেণুগোপাল, শ্ৰীমতী প্ৰিয়ংকা গান্ধী আৰু আপোনাৰ দৰে শীৰ্ষ নেতৃত্বৰ আগত ডাঙৰকৈ ক’বলৈ সাহস কৰিছিল যে ড° আছিফ নাজাৰৰ অপৰাধমূলক সম্পৰ্কৰ বিষয়ে মোৰ সকলো প্ৰমাণ আৰু দাবী মিছা তথা ভিত্তিহীন।

কংগ্ৰেছ দলৰ সমগ্ৰ নেতৃত্বৰ সন্মুখত সেই বৈঠকত (য’ত মই উপস্থিত নাছিলোঁ) কংগ্ৰেছ দলৰ নেতৃত্বৰ আগত মোক অপমান আৰু APCCৰ সভাপতি গৌৰৱ গগৈয়ে মোৰ বিৰুদ্ধে হোৱা বৈঠকত উত্তৰ প্ৰদেশৰ সাংসদগৰাকীয়ে কৰা মন্তব্যৰ সময়ছোৱাত মৌনতা অৱলম্বন কৰিছিল আৰু মই আগতে তেওঁৰ ওচৰত দাখিল কৰা তথ্যসমূহো দাঙি ধৰাত ব্যৰ্থ হৈছিল। মই আকৌ এবাৰ আপোনালৈ কিছুমান প্ৰমাণ আগবঢ়াইছো।’’ আদৰণীয় সিং ডাঙৰীয়া, মই আপোনাৰ ওচৰত পুনৰ কিছুমান প্ৰমাণ দাখিল কৰিছো যাতে অন্ততঃ আপুনি এই বিষয়টোত মাত মাতিব পাৰে। ৰাজ্যৰ এই সুবিধাবাদী।

লগতে পঢ়ক: ‘ধেমালীৰ বাবেও তেহৰানৰ তেলৰ ঠিকনাত…’; ইৰাণত মুকলি ভাবুকি ট্ৰাম্পৰ