আঠ মাহৰ বাবে মহাকাশলৈ ৰাওনা অনিল মেনন; মানৱ শৰীৰত মাইক্ৰ’গ্ৰেভিটিক লৈ কৰিব অধ্যয়ন

ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেননে মাইক্ৰ’গ্ৰেভিটিত উচ্চমানৰ অৰ্ধপৰিবাহী উৎপাদনৰ লক্ষ্যৰে এক পৰীক্ষাত অংশগ্ৰহণ কৰিব।যাৰ বাবে আঠ মাহৰ বাবে মহাকাশলৈ ৰাওনা হৈছে তেওঁ।

মঙলবাৰে আঠ মহীয়া এক দীৰ্ঘদিনীয়া মহাকাশ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী অনিল মেনন। অনিল মেননৰ সৈতে আন দুজন ৰাছিয়ান মহাকাশচাৰীয়ে কাজাখাস্তানৰ পৰা ছয়ূজ MS-29 (Soyuz MS-29) মহাকাশযানৰ জৰিয়তে মহাকাশলৈ যাত্ৰা কৰে।

মেনন আৰু ৰাছিয়ান মহাকাশচাৰী ক্ৰমে পিয়ত্ৰ ডুব্ৰভ আৰু আন্না কিকিনাক লৈ ৰছকচমছৰ (Roscosmos) মহাকাশযানখনে ১৪ জুলাই তাৰিখে ভাৰতীয় সময় অনুসৰি নিশা ৮:১৭ বজাত বাইকোনুৰ কছমদ্ৰোমৰ (Baikonur Cosmodrome) পৰা যাত্ৰা আৰম্ভ কৰে।

মহাকাশ ষ্টেছনলৈ দুটা কক্ষপথ আৰু তিনি ঘণ্টাৰ যাত্ৰাৰ অন্তত, মহাকাশযানখনে নিশা ১১:৫৬ বজাত (IST) স্বয়ংক্ৰিয়ভাৱে ‘প্ৰিচেল মডিউল’ৰ সৈতে সংযোগ স্থাপন কৰিব।

নাছাৰ (NASA) মতে, এয়া মেননৰ প্ৰথম মহাকাশ যাত্ৰা আৰু ৰাছিয়ান মহাকাশচাৰী দুজনৰ বাবে দ্বিতীয় যাত্ৰা। অনিল মেননে মহাকাশত কেইবাটাও অত্যাধুনিক বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলাব, যাৰ উদ্দেশ্য হৈছে ভৱিষ্যতৰ গভীৰ মহাকাশ অন্বেষণৰ বাবে মানুহক সাজু কৰা আৰু পৃথিৱীৰ জীৱন লাভান্বিত কৰিব পৰা প্ৰযুক্তিৰ বিকাশ ঘটোৱা।

জৰুৰীকালীন চিকিৎসা আৰু এৰোস্পেচ চিকিৎসাৰ বিশেষজ্ঞ ডাঃ মেননে এই দীঘলীয়া অভিযানৰ সময়ত কেৱল এজন গৱেষক হিচাপেই নহয়, বৰঞ্চ এজন ‘টেষ্ট চাবজেক্ট হিচাপেও ভূমিকা পালন কৰিব।

অনিল মেননৰ গৱেষণাত মাইক্ৰ’গ্ৰেভিটিয়ে  মানুহৰ শৰীৰত পেলোৱা প্ৰভাৱৰ অধ্যয়নে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। দীৰ্ঘদিনীয়া মহাকাশ যাত্ৰাই মানৱ শৰীৰত কেনে প্ৰভাৱ পেলায়, সেই সম্পৰ্কে ইয়াৰ পৰা অতি প্ৰয়োজনীয় তথ্য লাভ কৰা যাব। এই তথ্যসমূহে নাছা আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সহযোগীসকলক চন্দ্ৰ আৰু মঙ্গল গ্ৰহৰ অভিযানৰ প্ৰস্তুতিত সহায় কৰিব। ইণ্টাৰনেচনেল স্পেচ ষ্টেচনত থকাৰ সময়ছোৱাত তেওঁ মাইক্ৰ’গ্ৰেভিটিয়ে মহাকাশচাৰীসকলৰ ৰক্ত সঞ্চালন ,সিৰা-উপসিৰাৰ গঠন আৰু তেজৰ উপাদানৰ ওপৰত কেনে প্ৰভাৱ পেলায়, সেই বিষয়েও পৰীক্ষা কৰিব।

তেওঁ মহাকাশ ষ্টেছনৰ খোৱাপানী ব্যৱহাৰ কৰি ইণ্ট্ৰাভেনাছ ফ্লুইড (IV Fluid) প্ৰস্তুত কৰা প্ৰযুক্তিৰ পৰীক্ষণত সহায় কৰিব। গভীৰ মহাকাশ অভিযানৰ সময়ত এনে ক্ষমতা অত্যন্ত জৰুৰী হৈ পৰে, য’ত চিকিৎসা সামগ্ৰীৰ যোগান সীমিত থাকে।

হাই-পাৰফৰমেন্স কম্পিউটাৰ, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু উন্নত চিকিৎসা সঁজুলিৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ বৃহৎ পৰিমাণে নিৰ্মাণ কৰিব পৰাকৈ মহাকাশত ছেমিকণ্ডাক্টৰ ক্ৰিষ্টেলৰ উৎপাদন উন্নত কৰাৰ বাবে তেওঁ গৱেষণা অব্যাহত ৰাখিব।

তেওঁ বৰ্ধিত বাস্তৱতা (Augmented Reality) আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) পদ্ধতি ব্যৱহাৰ কৰি আল্ট্ৰাচাউণ্ড পৰীক্ষা কৰিব, যাৰ ফলত ভৱিষ্যতৰ মহাকাশ অভিযানসমূহত পৃথিৱীৰ পৰা চিকিৎসা সহায়ৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। আন এক ডাঙৰ পৰীক্ষা হ’ব মহাকাশত কৰা বায়’প্ৰিণ্টিং, য’ত গৱেষকসকলে আশা কৰিছে যে মাইক্ৰ’গ্ৰেভিটিৰ সহায়ত জটিল জৈৱিক কলা (Biological tissues) প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া অধিক উন্নত হ’ব। এই ফলাফলে মানুহৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো সহজকৈ বুজাত সহায় কৰিব পাৰে আৰু বয়স সম্পৰ্কীয় ৰোগ তথা পুনৰুৎপাদনশীল চিকিৎসাৰ (Regenerative medicine) বাবে নতুন চিকিৎসা পদ্ধতিৰ বিকাশ ঘটাব পাৰে।

মেননৰ বিশেষ শৈক্ষিক আৰু কৰ্মক্ষেত্ৰৰ অভিজ্ঞতাই তেওঁক এই অভিযানৰ বাবে অত্যন্ত উপযুক্ত কৰি তুলিছে। নাছাৰ মহাকাশচাৰী দলত (Astronaut Corps) যোগদান কৰাৰ পূৰ্বে তেওঁ এগৰাকী ফ্লাইট চাৰ্জন হিচাপে মহাকাশচাৰী আৰু বাণিজ্যিক মহাকাশ অভিযানত সহায় কৰিছিল। এই কামত তেওঁ জৰুৰীকালীন চিকিৎসাৰ দক্ষতা আৰু এৰোস্পেচ চিকিৎসাৰ কেইবা বছৰীয়া অভিজ্ঞতাক কামত লগাইছিল।

অহা আঠ মাহত তেওঁৰ এই অভিযানৰ পৰা সংগ্ৰহ কৰা তথ্যই মানৱ মহাকাশ যাত্ৰাক অধিক সুৰক্ষিত আৰু বহনক্ষম কৰি তোলাৰ বাবে নাছাই চলোৱা বৃহৎ প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ অৱদান যোগাব। আশা কৰা হৈছে যে এই ফলাফলসমূহে আৰ্টেমিছ কাৰ্যসূচীৰ (Artemis Program) অধীনত চন্দ্ৰলৈ ভৱিষ্যতৰ অভিযানৰ পৰিকল্পনা কৰাত আৰু শেষত মঙ্গল গ্ৰহলৈ মানৱ অভিযান প্ৰেৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ মেগা ডেমক লৈ হাহাকাৰ! চীনৰ নিজৰ বিজ্ঞানীৰ গৱেষণাতে ওলাল ভয়ংকৰ তথ্য