বিপদত কণ্ঠশিল্পী শচীন সংঘৱী
প্ৰখ্যাত গায়ক তথা সংগীত সুৰকাৰ শচীন সংঘৱী (সংগীত যুটি শচীন-জিগাৰৰ অংশ)ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।
খবৰ অনুসৰি ২৯ বছৰীয়া এগৰাকী মহিলাই তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।ইয়াৰ পিছতে আৰক্ষীয়ে শচীনক গ্ৰেপ্তাৰ কৰে। অৱশ্যে কিছু সময়ৰ পিছত এই গোচৰত শচীনক জামিন লাভ কৰে।
শচীন সংঘবীৰ অধিবক্তা আদিত্য মিথে এক বিবৃতিত কয়,মোৰ ক্লায়েণ্টৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰত উত্থাপিত সকলো অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন।এই অভিযোগৰ সত্যতা নাই।
এই গোচৰৰ কোনো মেৰিট নাই। মোৰ ক্লায়েণ্টক আৰক্ষীয়ে যেনেদৰে গ্ৰেপ্তাৰ কৰিছে, সেইটো অবৈধ আছিল ।এই সমগ্ৰ বিতৰ্কক লৈ এতিয়ালৈকে গায়িকাগৰাকীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।শচীনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাবে অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি হৈছে।
শচীন-জিগাৰৰ ছুপাৰহিট যুটিটোৱে উদ্যোগটোক বহু হিট গীত দিছে।তেওঁ ষ্ট্ৰী, ষ্ট্ৰী ২, ভেদিয়া, মুঞ্জ্য, পৰম সুন্দৰী আদি ছবিৰ সংগীত ৰচনা কৰিছে।
লগতে পঢ়ক: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰক চিবিআইৰ বন্ধৰ প্ৰতিবেদন; ৰিয়া চক্ৰৱৰ্তীক ক্লিন চিট









