কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে পৰ্যটকৰ কেমেৰাত বন্দী হ’ল বিৰল ঘঁৰিয়ালৰ দৃশ্য

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে পৰ্যটকৰ কেমেৰাত বন্দী হ’ল বিৰল ঘঁৰিয়ালৰ দৃশ্য

কাজিৰঙাত ইয়াৰ উপস্থিতি আৰু প্ৰথমবাৰৰ বাবে পৰ্যটকৰ কেমেৰাত ইয়াৰ দৃশ্য বন্দী হোৱা বিষয়টোৱে বন্যপ্ৰাণী বিশেষজ্ঞসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এক অত্যন্ত সুখবৰ আৰু ৰোমাঞ্চকৰ খবৰ পোহৰলৈ আহিছে । উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত চাফাৰী কৰি থকাৰ সময়তে এদল পৰ্যটকে প্ৰথমবাৰৰ বাবে এটা অতি

কাজিৰঙাত ইয়াৰ উপস্থিতি আৰু প্ৰথমবাৰৰ বাবে পৰ্যটকৰ কেমেৰাত ইয়াৰ দৃশ্য বন্দী হোৱা বিষয়টোৱে বন্যপ্ৰাণী বিশেষজ্ঞসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এক অত্যন্ত সুখবৰ আৰু ৰোমাঞ্চকৰ খবৰ পোহৰলৈ আহিছে । উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত চাফাৰী কৰি থকাৰ সময়তে এদল পৰ্যটকে প্ৰথমবাৰৰ বাবে এটা অতি বিৰল আৰু বিপদাপন্ন প্ৰজাতিৰ ঘঁৰিয়াল প্ৰত্যক্ষ কৰে । কাজিৰঙাৰ ইতিহাসত পৰ্যটকৰ দ্বাৰা ঘঁৰিয়ালৰ এনে দৃশ্যগ্ৰহণ সম্ভৱত এয়াই প্ৰথম ।

কেনেকৈ দেখা পোৱা গ’ল এই বিৰল দৃশ্য ?

জানিব পৰা মতে, বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলু কেম্পৰ ওচৰত পুৱাৰ ভাগত পৰ্যটকৰ দলটোৱে ভ্ৰমণ কৰি আছিল । সেই সময়তে ট্ৰেভেল গাইড শিশু কান্ত নাথ আৰু পৰ্যটক দিগন্ত কুমাৰ শৰ্মাই এই বিশেষ মুহূর্তটো কেমেৰাত আবদ্ধ কৰিবলৈ সক্ষম হয় । গাইড নাথৰ ভাষ্য অনুসৰি, ডিফলু নদীৰ পাৰত হাতীয়ে পানী খাই থকা দেখি তেওঁলোকে গাড়ীখন ৰখাইছিল । কিন্তু হাতী চাই থকাৰ মাজতে হঠাতে নদীৰ মাজত এটা মাছ খোৱা ঘঁৰিয়াল ভাঁহি অহা দেখা পায় । এই অপ্ৰত্যাশিত দৃশ্যই পৰ্যটকসকলক পুলকিত কৰি তোলে ।

সংৰক্ষণৰ দিশত এক আশাৰ ৰেঙণি-

ঘঁৰিয়াল বৰ্তমান বিশ্বত এক ‘অতি বিপদাপন্ন’ প্ৰজাতি হিচাপে পৰিচিত । বন্য পৰিৱেশত ইয়াক অতি কমকৈহে দেখা পোৱা যায় । কাজিৰঙাত ইয়াৰ উপস্থিতি আৰু প্ৰথমবাৰৰ বাবে পৰ্যটকৰ কেমেৰাত ইয়াৰ দৃশ্য বন্দী হোৱা বিষয়টোৱে বন্যপ্ৰাণী বিশেষজ্ঞসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে । ছ’চিয়েল মিডিয়াত এই ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই বহুতে ইয়াক অসমৰ সংৰক্ষণ সজাগতা আৰু জৈৱ-বৈচিত্ৰ্যৰ বাবে এক শুভ লক্ষণ বুলি অভিহিত কৰিছে ।

বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে বিশ্বজুৰি খ্যাতি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এই বিৰল ঘঁৰিয়ালৰ উপস্থিতিৰে পুনৰবাৰ প্ৰমাণ কৰিলে যে ইয়াৰ বুকু এতিয়াও অলেখ ৰহস্য আৰু প্ৰকৃতিৰ বিৰল সম্পদেৰে ভৰি আছে ।

লগতে পঢ়ক : ১২ মে’ত শপত গ্ৰহণ : কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত নিৰ্বাচিত হ’ব এন ডি এৰ নতুন নেতা

শেহতীয়া প্ৰৱন্ধসমূহ