লাল কৃষ্ণ আদৱানীক জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ভাৰতৰত্ন লাল কৃষ্ণ আদৱানীয়ে আজি ৯৮ সংখ্যক জন্মদিন উদযাপন কৰিছে । বৰ্ষীয়ান বিজেপি নেতাজনৰ ওপজা দিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৱানীৰ দিল্লীস্থিত বাসগৃহত উপস্থিত হৈ জন্মদিনৰ শুভেচ্ছা জনাই ফুলৰ থোপা উপহাৰ দিয়ে । এই সাক্ষাতৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।
প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে লাল কৃষ্ণ আদৱানীক জন্মদিনৰ শুভেচ্ছা জনায় । আদৱানীক মহান দুৰৰ্দৰ্শিতা আৰু প্ৰজ্ঞাৰ ৰাজনীতিবিদ বুলি বৰ্ণনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে তেওঁৰ জীৱন ভাৰতৰ প্ৰগতিৰ বাবে উৎসৰ্গিত । আদৱানীৰ অৱদানক ভাৰতৰ গণতান্ত্ৰিক আৰু সাংস্কৃতিক পৰিৱেশত অমিত চাপ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ।
আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহেও লাল কৃষ্ণ আদৱানীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ এক্সত লিখিছে, “বিজেপিৰ প্ৰতিষ্ঠাপক সদস্য, প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি, লাখ লাখ কৰ্মীৰ প্ৰেৰণাৰ উৎস ‘ভাৰত ৰত্ন’ এল কে আদৱানীলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।” লগতে এল কে আদৱানীয়ে কেনেকৈ নিস্বাৰ্থভাৱে নিজৰ সমগ্ৰ জীৱন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব পাৰি তাক জানিবলৈ দিছে বুলি কয় গৃহমন্ত্ৰী শ্বাহে ।
লগতে পঢ়ক : ‘জংগলৰাজৰ নেতাসকলে ৬৫ ভল্টৰ শ্বক পাইছে’; প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী









