মুখ্যমন্ত্ৰী পদৰ পৰা নীতিশ কুমাৰৰ পদত্যাগ
বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত এন ডি এয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে । ইয়াৰ লগে লগে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া তীব্ৰতৰ হৈ পৰিছে । ২০ নৱেম্বৰত এন ডি এয়ে নতুন চৰকাৰ গঠন কৰিব । পাটনাৰ গান্ধী ময়দানত মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব । বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সোমবাৰে পদৰ পৰা পদত্যাগ কৰিছে । অৱশ্যে ৰাজ্যপালে তেওঁক ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে থাকিবলৈ অনুৰোধ জনাইছে ।
২০ নৱেম্বৰত বিহাৰত নতুন চৰকাৰ গঠনৰ কথা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব, লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীও উপস্থিত থাকিব । পাটনাৰ গান্ধী মৈদানত শপত গ্ৰহণ অনুষ্ঠানৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰা হৈছে ।
ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল নীতিশ কুমাৰৰ-
সোমবাৰে নীতিশ কুমাৰে ৰাজ্যপাল আৰিফ মহম্মদ খানৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে । পদত্যাগ দাখিল কৰাৰ পূৰ্বে চূড়ান্ত কেবিনেট বৈঠক অনুষ্ঠিত হয়, য’ত বৰ্তমানৰ বিধানসভা ভংগ কৰাৰ প্ৰস্তাৱ গৃহীত হয় । ১৯ নৱেম্বৰত ভংগ হ’ব বৰ্তমানৰ বিধানসভা ।
কাইলৈ অনুষ্ঠিত হ’ব জেডিইউ আৰু বিজেপিৰ বিধায়িনী দলৰ বৈঠক-
নিৰ্বাচনী বিজয়ৰ পিছতে কাইলৈ অৰ্থাৎ মঙলবাৰে জেডিইউৰ বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰা হৈছে । ১৯ নৱেম্বৰত বিজেপিৰো বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰা হৈছে । প্ৰথমতে সকলো দলে পৃথক পৃথক বৈঠক অনুষ্ঠিত কৰিব । ইয়াৰ পিছতে এন ডি এৰ যৌথ বৈঠক অনুষ্ঠিত হ’ব । বিধায়িনী দলৰ নেতা নিৰ্বাচিত হ’ব, তাৰ পিছতে নতুন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব ।
দশম বাৰৰ বাবে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে!
চলিত বিহাৰ বিধানসভাৰ কাৰ্যকাল ২২ নৱেম্বৰত অন্ত পৰিব । তাৰ পূর্বে নতুন চৰকাৰ গঠন কৰাটো অতি প্রয়োজনীয় ৷ এই কাৰণেই ২০ নৱেম্বৰত গঠন হ’ব নতুন চৰকাৰ । এইবাৰ যদি নীতিশ কুমাৰে শপত গ্ৰহণ কৰে তেন্তে তেওঁ দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব ।
লগতে পঢ়ক : ২০০২ চনৰ পৰা ২০২৫লৈ… দশমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’বলৈ সাজু নীতিশ কুমাৰ!









