মুম্বাইৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান নানাৱতী মেক্স চুপাৰ স্পেচিয়েলিটী হাস্পটাল আজি গুৱাহাটীত তেওঁলোকৰ অত্যাধুনিক বহিঃ বিভাগ আনুষ্ঠানিকভাৱে মুকলি কৰে
উত্তৰ-পূৰ্বাঞ্চলৰ কেন্সাৰ আৰু অংগ সংৰোপণৰ ৰোগীসকলৰ বাবে এক আশাৰ খবৰ । মুম্বাইৰ আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান নানাৱতী মেক্স চুপাৰ স্পেচিয়েলিটী হাস্পটালে আজি গুৱাহাটীত তেওঁলোকৰ অত্যাধুনিক অনক’লজী (কেন্সাৰ) আৰু একাধিক অংগ সংৰোপণৰ OPD (বহিঃ বিভাগ) আনুষ্ঠানিকভাৱে মুকলি কৰে ।
বিশেষজ্ঞ চিকিৎসকৰ উপস্থিতি-
এই বিশেষ সেৱা মুকলি অনুষ্ঠানত মুম্বাইৰ পৰা অহা দেশৰ অন্যতম বিশিষ্ট চিকিৎসকসকল উপস্থিত থাকে :
ডাঃ হেমন্ত টঙাওনকাৰ: মুৰব্বী, চাৰ্জিকেল অনক’লজী আৰু প্ৰধান সঞ্চালক, ইউৰ’লজী তথা গাইনাক’লজী অনক’চাৰ্জাৰী ।
ডাঃ দেবেন্দ্ৰ চাউকাৰ: প্ৰধান সঞ্চালক, হেড এণ্ড নেক অনক’লজী ।
উল্লেখ্য যে, অসম আৰু উত্তৰ পূবৰ পৰা বহু ৰোগী দেশৰ অন্য চহৰলৈ উন্নত চিকিৎসাৰ বাবে যাব লগা হয় । বিভিন্ন অংগৰ কৰ্কট ৰোগ আৰু অংগ সংৰোপণ কৰিবলৈ মুম্বাই আদিকে ধৰি বিভিন্ন মহানগৰলৈ যাবলৈ বাধ্য হয় ৰোগীসকল । ইয়াৰ ভিতৰত মুম্বাই নানাৱতী মেক্স হাস্পতালত উত্তৰ পূবৰ যথেষ্ট ৰোগীৰ সোঁত বয় । এতিয়া মুম্বাইৰ দৰেই সেৱা গুৱাহাটীত প্ৰদানৰ বাবে সাজু হৈছে হস্পিটালখনৰ চিকিৎসকৰ দল । ঘৰৰ ওচৰত থাকিয়েই বিশেষ আৰু অত্যাধুনিক OPDত ৰোগ নিৰূপণ, চিকিৎসা পৰামৰ্শ আৰু চিকিৎসাৰ পৰিকল্পনা সন্দৰ্ভত বিশদভাবে আলোচনা কৰাৰ সুবিধা লাভ কৰিব ৰাইজে ।
মাহৰ প্ৰথমটো শনিবাৰে দুপৰীয়া ১ বজাৰ পৰা আবেলি ৪ বজালৈ নানাৱতী মেক্স ইনষ্টিটিউট অৱ কেন্সাৰ কেয়াৰৰ Surgical Oncology বিভাগৰ মুৰব্বী আৰু Urology & Gynaecology Oncosurgery বিভাগৰ প্ৰধান সঞ্চালক ডা: হেমন্ত টঙাওনকাৰ আৰু Head & Neck Oncology বিভাগৰ প্ৰধান সঞ্চালক ডাক্তৰ দেবেন্দ্ৰ চাউকাৰৰ সৈতে অংগ সংৰোপণৰ চিকিৎসকৰ দল গুৱাহাটীৰ মেডিচিটি হস্পিটেলৰ OPDত উপস্থিত থাকিব । প্ৰসূতি, ইউৰ’ল’জি, হেপাটোবিলাৰি, গেষ্ট্ৰোইনটেষ্টিনেল, পেনক্ৰিয়েটিক, হাড়, মূৰ আৰু ডিঙি, তেজ আৰু ব্ৰেষ্ট কেন্সাৰৰ ৰোগীয়ে পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব চিকিৎসকৰ ।
উল্লেখযোগ্য যে নানাৱতী মেক্স হস্পিতেলে গুৱাহাটীৰ লগতে দেশৰ ৪ খন ৰাজ্যত ২২ খন OPD কেন্দ্ৰ মুকলি কৰা হৈছে । উন্নত চিকিৎসা সেৱা প্ৰদানৰ বাবে দেশৰ চহৰ সমূহত আৰু অধিক কেন্দ্ৰ স্থাপনৰ লক্ষ্য অব্যাহত । গুৱাহাটীত OPD সেৱা মুকলিৰ পাছত ৰোগীৰ কষ্ট, যাতায়াতৰ অসুবিধা, খৰচ, যোগাযোগৰ অসুবিধা আদিৰ পৰা মুক্ত হব বুলি আশা কৰা হৈছে ।
নানাৱতী মেক্স হস্পিটেলৰ ঐতিহ্য-
১৯৫০ চনত মহাত্মা গান্ধীৰ আশীৰ্বাদত স্থাপিত আৰু জৱাহৰলাল নেহৰুৱে উদ্বোধন কৰা এই হস্পিটেলখনে বিগত ৭২ বছৰে চিকিৎসা সেৱাত এক সুকীয়া পৰিচয় দি আহিছে । বৰ্তমান ৩৫০ খন বিচনা আৰু ৫৫ টা বিশেষ বিভাগৰ সৈতে ই দেশৰ অন্যতম শ্ৰেষ্ঠ চিকিৎসালয় ।
লগতে পঢ়ক : কোন জিলাত কিমান বাঢ়িল ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ?









