বিপুল বিজয়ৰ পাছত নীতিশ কুমাৰক সাক্ষাৎ চিৰাগ পাছোৱানৰ

বিপুল বিজয়ৰ পাছত নীতিশ কুমাৰক সাক্ষাৎ চিৰাগ পাছোৱানৰ

নীতিশ কুমাৰক সাক্ষাৎ চিৰাগ পাছোৱানৰ বিহাৰ বিধানসভা নিৰ্বাচনত শাসকীয় এন ডি এৰ বিপুল বিজয়ৰ পিছতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাসগৃহত উপস্থিত হয় এল জে পিৰ মুৰব্বী চিৰাগ পাছোৱান । এই সাক্ষাতত দুয়োগৰাকী নেতাই ইজনে সিজনক অভিনন্দন জনায় । চমু বাৰ্তালাপৰ অন্তত মুখ্যমন্ত্রীৰ বাসগৃহৰ পৰা ওলাই যায়

নীতিশ কুমাৰক সাক্ষাৎ চিৰাগ পাছোৱানৰ

বিহাৰ বিধানসভা নিৰ্বাচনত শাসকীয় এন ডি এৰ বিপুল বিজয়ৰ পিছতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বাসগৃহত উপস্থিত হয় এল জে পিৰ মুৰব্বী চিৰাগ পাছোৱান । এই সাক্ষাতত দুয়োগৰাকী নেতাই ইজনে সিজনক অভিনন্দন জনায় । চমু বাৰ্তালাপৰ অন্তত মুখ্যমন্ত্রীৰ বাসগৃহৰ পৰা ওলাই যায় এল জে পি (আৰ)ৰ মুৰব্বী চিৰাগ পাছোৱান ৷ সংবাদ মাধ্যমৰ সন্মুখত দিয়া মন্তব্যত তেওঁ বিৰোধী দলসমূহক লক্ষ্য কৰি লয় ।

চিৰাগ পাছোৱানে কয়, “নিৰ্বাচনী প্ৰচাৰৰ সময়ত জে ডি ইউ আৰু এল জে পি আৰৰ মাজত বিভাজন আছে বুলি নেৰেটিভ স্থাপন কৰাৰ প্ৰয়াস কৰা হৈছিল । আজি মই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অভিনন্দন জনাইছো । দলটোক এই স্থানলৈ অনাৰ বাবে দলৰ কৰ্মীসকলে কঠোৰ পৰিশ্ৰম কৰিছে ।”

বিৰোধীক সমালোচনা চিৰাগৰ-

চিৰাগ পাছৱানে কয় যে ২০০৫ চনৰ পৰা তেওঁৰ দলে সংগ্ৰাম কৰি আহিছে । ২০০৯ চনৰ লোকসভা নিৰ্বাচনত ৰামবিলাস পাছোৱান নিজে জয়ী হ’বলৈ ব্যৰ্থ হৈছিল যদিও ২০১৪ চনৰ পিছত তেওঁৰ দলে দৰ্শনীয় প্ৰত্যাৱৰ্তন ঘটাই । এইবাৰ আমাক ২৯খন বিধানসভাৰ আসন দিয়া হ’ল । এই কঠিন আসনসমূহৰ সন্দৰ্ভত কোৱা হৈছিল যে চিৰাগ পাছোৱানক এই আসনসমূহ পৰাস্ত হ’বলৈ দিয়া হৈছে ।

চিৰাগ পাছোৱানে আৰু কয়, “আমি কিছুমান লোকক দোষাৰোপ কৰিব বিচাৰো । যিসকলে সদায় জে ডি ইউ আৰু এল জে পিৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰে । তেওঁলোকে জনসাধাৰণৰ মাজত বিভ্ৰান্তি বিয়পাবলৈ চেষ্টা কৰে ।”

নীতিশ কুমাৰক লৈ এই দাবী কৰিলে চিৰাগ পাছোৱানে-

কেৱল এয়াই নহয় চিৰাগ পাছোৱানে নীতিশ কুমাৰকেই পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ কথা উল্লেখ কৰে । তেওঁ কয় যে কেৱল নীতিশ কুমাৰেহে মুখ্যমন্ত্ৰীৰ ভূমিকা সঠিকভাৱে পালন কৰিব পাৰিব । চিৰাগ পাছোৱানে কয় যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এয়ে এক ঐতিহাসিক বিজয় অৰ্জন কৰে । লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ৰ প্ৰতিনিধি হিচাপে তেওঁক অভিনন্দন আৰু শুভেচ্ছা জনালো ।

লগতে পঢ়ক : ২০০২ চনৰ পৰা ২০২৫লৈ… দশমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত ল’বলৈ সাজু নীতিশ কুমাৰ!