মাৰাঠী টিভি উদ্যোগত এটা খবৰে জোকাৰি গৈছে। ‘বিগ বছ মাৰাঠী ৩’ৰ পৰা খ্যাতি অৰ্জন কৰা জয় দুধানেক গ্ৰেপ্তাৰ কৰা হৈছে
টিভিৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ মাৰাঠী ৩’ৰ পৰা খ্যাতি অৰ্জন কৰা জয় দুধানেক গ্ৰেপ্তাৰ কৰা হৈছে।তথ্য অনুসৰি ৫ কোটি টকাৰ ৰিয়েল এষ্টেট জালিয়াতিৰ অভিযোগত মুম্বাই বিমানবন্দৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।এই ঘটনাই মাৰাঠী টিভি উদ্যোগ জোকাৰি গৈছে।
অৱসৰপ্ৰাপ্ত অভিযন্তাৰ অভিযোগৰ পিছতে জয় দুধানেক গ্ৰেপ্তাৰ কৰা হয়।যিয়ে জয় দুধানে আৰু তেওঁৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে সম্পত্তিৰ চুক্তিৰ জৰিয়তে কোটি কোটি টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে,এই গোচৰটো অভিযোগকাৰীয়ে দাখিল কৰা এফআইআৰৰ সৈতে জড়িত।য’ত অভিযোগ কৰা হৈছে যে দুধানে পৰিয়ালৰ চাৰিজন সদস্যৰ সৈতে মিলি তেওঁক থানেত পাঁচখন বাণিজ্যিক দোকানত বিনিয়োগ কৰিবলৈ মান্তি কৰাইছিল, যিকেইখন ইতিমধ্যে বেংকত বন্ধকত ৰখা হৈছিল।ভুৱা সম্পত্তিৰ নথি দেখুৱাই ৫ কোটি টকা প্ৰতাৰণা কৰা বুলি দাবী কৰিছে ভুক্তভোগীয়ে।
শনিবাৰে মুম্বাই বিমানবন্দৰত ফিটনেছ ট্ৰেইনাৰ তথা মডেলগৰাকীক গ্ৰেপ্তাৰ কৰে। অভিযোগত এই কথাও উল্লেখ কৰা হৈছে দুধানেই ভুক্তভোগীৰ আস্থা লাভ কৰিবলৈ জাল নথি দাখিল কৰিছিল,য’ত ভুৱা বেংক ক্লিয়াৰেন্স চাৰ্টিফিকেট আৰু ৪.৯৫ কোটি টকাৰ ভুৱা ডিমাণ্ড ড্ৰাফ্ট অন্তৰ্ভূক্ত আছিল। এই কেলেংকাৰী তেতিয়া পোহৰলৈ আহিছিল যেতিয়া বেংকে বন্ধকত ৰখা সম্পত্তি জব্দ কৰিবলৈ জাননী জাৰি কৰে।
লগতে পঢ়ক: অন্ত পৰিল ১৪ বছৰীয়া বিবাহৰ সম্পৰ্ক; -জয় ভানুশালীয়ে বিবাহ বিচ্ছেদত লগালে মোহৰ









