‘মই বা ইটালীয়ে কেতিয়াও কাৰো আগত আঁঠু নলওঁ’; ট্ৰাম্পৰ ভুৱা বক্তব্যক লৈ মেলোনীৰ প্ৰত্যুত্তৰ

‘মই বা ইটালীয়ে কেতিয়াও কাৰো আগত আঁঠু নলওঁ’; ট্ৰাম্পৰ বক্তব্যক লৈ মেলোনীৰ প্ৰত্যুত্তৰ

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীয়ে ট্ৰাম্পক তীব্ৰ সমালোচনা কৰিছে। মেল’নীয়ে কয় যে তেওঁ বা ইটালীয়েও কেতিয়াও ট্ৰাম্পক অনুৰোধ কৰা নাছিল। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ল’ৰামতিয়া মন্তব্যক তীব্ৰ সমালোচনা কৰিছে। ট্ৰাম্পে নিজৰ চিৰপৰিচিত শৈলীত দাবী কৰিছিল যে শেহতীয়াকৈ অনুষ্ঠিত জি-৭ (G7) সন্মিলনৰ সময়ত

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীয়ে ট্ৰাম্পক তীব্ৰ সমালোচনা কৰিছে। মেল’নীয়ে কয় যে তেওঁ বা ইটালীয়েও কেতিয়াও ট্ৰাম্পক অনুৰোধ কৰা নাছিল।

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ল’ৰামতিয়া মন্তব্যক তীব্ৰ সমালোচনা কৰিছে। ট্ৰাম্পে নিজৰ চিৰপৰিচিত শৈলীত দাবী কৰিছিল যে শেহতীয়াকৈ অনুষ্ঠিত জি-৭ (G7) সন্মিলনৰ সময়ত মেলোনীয়ে তেওঁৰ সৈতে ছবি উঠিবলৈ “মিনতি” কৰিছিল। মেলোনীয়ে এই কথাবোৰক “সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা” বুলি অভিহিত কৰে আৰু সহযোগীসকলৰ প্ৰতি ট্ৰাম্পৰ আচাৰ-ব্যৱহাৰক লৈ ক্ষোভ প্ৰকাশ কৰে। ইটালীৰ আত্মসন্মানৰ কথা উল্লেখ কৰি মেলোনীয়ে কয় যে মই বা ইটালীয়ে কেতিয়াও কাৰো আগত মিনতি কৰা নাই।

ট্ৰাম্প আৰু মেলোনীৰ মাজত হোৱা এই ৰাজহুৱা বাকযুদ্ধই তেওঁলোকৰ সম্পৰ্কত অহা ডাঙৰ ফাটক স্পষ্ট কৰি তুলিছে। ইয়াৰ পূৰ্বে ফ্ৰান্সত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত তেওঁলোকৰ উত্তেজনাপূৰ্ণ সম্পৰ্কৰ কিছু উন্নতি হোৱা দেখা গৈছিল। এই বছৰৰ আৰম্ভণিতে ইৰাণ যুদ্ধক লৈ হোৱা মতানৈক্যৰ পিছত এই উত্তেজনাৰ সৃষ্টি হৈছে।

ট্ৰাম্পে ইটালীৰ এটা সংবাদ মাধ্যমক সাক্ষাৎকাৰত কয় যে সন্মিলনৰ সময়ত তেওঁ কথা পতাৰ বাবে মেলোনী “সম্ভৱতঃ সুখী” আছিল। তেওঁ কয়: “সম্ভৱতঃ তেওঁ সুখী যে মই তেওঁৰ সৈতে কথা পাতিলোঁ। মই তেওঁৰ সৈতে কথা পতাৰ কোনো প্ৰয়োজন নাছিল।”

ট্ৰাম্পে আগলৈ দাবী কৰে যে মেলোনীয়ে তেওঁৰ সৈতে এখন ফটো উঠিবলৈ অনুৰোধ কৰিছিল। ট্ৰাম্পে কয়: “তেওঁ মোক তেওঁৰ সৈতে ফটো উঠিবলৈ অনুৰোধ কৰিছিল। তেওঁ মোৰ সৈতে ফটো উঠিবলৈ বৰ ব্যাকুল হৈ পৰিছিল। মই ফটো নুঠো, কিন্তু মোৰ তেওঁৰ ওপৰত দয়া উপজিল।”

উল্লেখ্য যে চেনেলটোৱে সাক্ষাৎকাৰটোৰ কেৱল ডাবিং কৰা সংস্কৰণহে সম্প্ৰচাৰ কৰিছে আৰু মূল অডিঅ’টো প্ৰকাশ কৰা নাই।

শুকুৰবাৰে মেলোনীয়ে ট্ৰাম্পৰ এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰে আৰু তেওঁৰ ওপৰত মনে সজা কাহিনী ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে। মেলোনীয়ে কয় “ড’নাল্ড ট্ৰাম্পৰ বক্তব্য সম্পূৰ্ণ মনে সজা। মই সঁচাকৈয়ে আচৰিত হৈছোঁ। মই বুজি পোৱা নাই যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে নিজৰ সহযোগীসকলৰ সৈতে কিয় এনেধৰণৰ ব্যৱহাৰ কৰে, আৰু এয়া প্ৰথমবাৰৰ বাবে হোৱা নাই।”

তেওঁ ট্ৰাম্পক সমালোচনা কৰি কয় যে ট্ৰাম্পে পশ্চিমৰ বিৰোধীসকলৰ প্ৰতি কোমল মনোভাৱ পোষণ কৰে। তেওঁ লগতে কয় “মই কেৱল ইয়াকে ক’ব পাৰোঁ যে এয়া অতি হতাশাজনক যে তেওঁ পশ্চিম আৰু আমেৰিকাৰ শত্ৰুসকলৰ প্ৰতি তেনে দৃঢ়তা নেদেখুৱায়, বৰঞ্চ তেওঁলোকৰ নেতাসকলৰ সৈতেহে অধিক কোমলতাৰে পেচ আহে।”

মেলোনীয়ে ট্ৰাম্পৰ বাবে এটা কঠোৰ বাৰ্তাৰে নিজৰ বক্তব্য সমাপ্ত কৰে। তেওঁ কয় “ট্ৰাম্পে এটা কথা মনত ৰখা উচিত, মই বা ইটালীয়ে কেতিয়াও কাৰো আগত আঁঠু নলওঁ ।”

জি-৭ সন্মিলনৰ ভিডিঅ’ ফুটেজত মেলোনী আৰু ট্ৰাম্পক দীৰ্ঘসময় ধৰি কথা পাতি থকা দেখা গৈছিল। এসময়ত মেলোনী ইউৰোপত ট্ৰাম্পৰ আটাইতকৈ ডাঙৰ সমৰ্থকসকলৰ ভিতৰত এগৰাকী আছিল আৰু ২০২৫ চনত তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল; সেই অনুষ্ঠানত উপস্থিত থকা তেওঁ একমাত্ৰ ইউৰোপীয় নেতা আছিল।

লগতে পঢ়ক: ফ্ৰান্স আৰু শ্ল’ভাকিয়া ভ্ৰমণ সামৰি দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

শেহতীয়া প্ৰৱন্ধসমূহ