'ভাৰতৰ পৰিৱৰ্তনৰ শক্তি হৈছে গণতন্ত্ৰ...'; পেৰিছক ভাৰতীয় সমাজক সম্বোধন প্ৰধানমন্ত্ৰীৰ

‘ভাৰতৰ পৰিৱৰ্তনৰ শক্তি হৈছে গণতন্ত্ৰ…’; পেৰিছত ভাৰতীয় সমাজক সম্বোধন প্ৰধানমন্ত্ৰীৰ

পেৰিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰে ১২ বছৰ সম্পূৰ্ণ কৰাটো তেওঁৰ বাবে এক বৃহৎ সৌভাগ্যৰ কথা। তেওঁ ইয়াক ভাৰতৰ গণতন্ত্ৰৰ শক্তি আখ্যা দি কয় যে এই ব্যৱস্থাই এজন সাধাৰণ চাহ বিক্ৰেতাক প্ৰধানমন্ত্ৰী কৰি তুলিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্স, পেৰিছত ভাৰতীয় সমাজক সম্বোধন কৰি

পেৰিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ চৰকাৰে ১২ বছৰ সম্পূৰ্ণ কৰাটো তেওঁৰ বাবে এক বৃহৎ সৌভাগ্যৰ কথা। তেওঁ ইয়াক ভাৰতৰ গণতন্ত্ৰৰ শক্তি আখ্যা দি কয় যে এই ব্যৱস্থাই এজন সাধাৰণ চাহ বিক্ৰেতাক প্ৰধানমন্ত্ৰী কৰি তুলিলে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্স, পেৰিছত ভাৰতীয় সমাজক সম্বোধন কৰি কয় যে পেৰিছ ৰং আৰু পোহৰৰ চহৰ। ইয়াত কলা, ধাৰণা আৰু উদ্ভাৱনৰ প্ৰেৰণা পোৱা যায়। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা লোকে ইয়াক অধিক ধুনীয়া কৰি তুলিছে। আজি যেতিয়া মই ফ্ৰান্সৰ পৰা ঘূৰি যোৱাৰ প্ৰস্তুতি চলাইছোঁ, তেতিয়া মোৰ এনে লাগিছে যেন মই ‘ভাৰত কানেক্টছ’ কাৰ্যসূচীতহে উপস্থিত হৈছোঁ। ফ্ৰান্সত বসবাস কৰা আপোনালোক সকলোৱে একবিংশ শতিকাৰ ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্কক যিদৰে সংযোগ কৰিছে, সেয়া আমাৰ সম্পৰ্কৰ বাবে এক ডাঙৰ শক্তি হৈ পৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছত ভাৰতীয় সমাজক সম্বোধন কৰি কয় যে ফ্ৰান্সত বসবাস কৰা ভাৰতীয়সকলে দুয়োখন দেশৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ দেশৰ ১৪০ কোটি জনসাধাৰণৰ শুভেচ্ছা লৈ আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “যেতিয়া মই ১৪ জুনত নীচত উপস্থিত হৈছিলোঁ, তেতিয়া প্ৰথমে মই ‘ভাৰত ইনোভেটছ’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। আজি যেতিয়া মই ফ্ৰান্সৰ পৰা প্ৰত্যাৱৰ্তনৰ প্ৰস্তুতি চলাইছোঁ, তেতিয়া মোৰ এনে লাগিছে যেন মই ‘ভাৰত কানেক্ট’ কাৰ্যসূচীতহে আছোঁ। আপোনালোকে যিদৰে একবিংশ শতিকাৰ ভাৰত-ফ্ৰান্সৰ সম্পৰ্কক একত্ৰিত কৰিছে, সেয়া আমাৰ কৌশলগত অংশীদাৰিত্বৰ এক বৃহৎ শক্তি হৈ পৰিছে। মই আপোনালোকৰ বাবে ১৪০ কোটি ভাৰতীয় নাগৰিকৰ তৰফৰ পৰা শুভেচ্ছা কঢ়িয়াই আনিছোঁ। এই উষ্ম আদৰণিৰ বাবে মই আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

প্ৰধানমন্ত্ৰী গৰাকীয়ে ফ্ৰান্সত ভাৰতীয় সমাজৰ লোকসকলক সম্বোধন কৰি কয়, “আজি মই এনে এটা সময়ত ফ্ৰান্সলৈ আহিছোঁ, যাৰ কিছুদিন পূৰ্বে আমাৰ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী হিচাপে ধাৰাবাহিকভাৱে ১২ বছৰ ধৰি দেশৰ সেৱা কৰিবলৈ পোৱাটো মোৰ জীৱনৰ এক ডাঙৰ সৌভাগ্য। এয়া ভাৰতৰ গণতন্ত্ৰৰ শক্তি, যিয়ে এজন চাহ বিক্ৰেতাক এই পৰ্যায়লৈ লৈ আহিছে… এই ১২ বছৰৰ সময়ছোৱাত ভাৰতৰ জিডিপি (GDP) ২ গুণ বৃদ্ধি পাইছে। বিমান বন্দৰৰ সংখ্যা ২ গুণ হৈছে। বিশ্ববিদ্যালয়ৰ সংখ্যাও ২ গুণলৈ বৃদ্ধি পাইছে। ঘাইপথ নিৰ্মাণৰ গতিও ৩ গুণ বাঢ়িছে। মেট্ৰ’ নেটৱৰ্ক ৪ গুণ ডাঙৰ হৈছে… বিগত ১২ বছৰত ভাৰতৰ ৰপ্তানি ৩৫ গুণ বৃদ্ধি পাইছে… ভাৰত বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি… বিগত ১২ বছৰত দেশৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে।”

ফ্ৰান্সত তেওঁ কয় যে ফ্ৰান্সত মুঠ যিমানবোৰ ঘৰ আছে, তাতকৈ অধিক পকী ঘৰ ভাৰতত বিগত ১২ বছৰত আমি দুখীয়া আৰু অভাৱী লোকসকলৰ বাবে নিৰ্মাণ কৰিছোঁ। আজিৰ ভাৰতৰ যুৱপ্ৰজন্মই বহুত ডাঙৰ সপোন দেখিবলৈ লৈছে। ভাৰতৰ কৃষকসকলে নতুন সম্ভাৱনাৰ সৈতে আগবাঢ়ি গৈছে। আজি ভাৰতৰ মহিলাসকলে নতুন নেতৃত্বৰ পৰিচয় দিছে।

মোদীয়ে কয়, “বিশ্বই প্ৰত্যক্ষ কৰিছে যে ভাৰতে কেৱল ভৱিষ্যতৰ বাবেই প্ৰস্তুতি চলোৱা নাই। ভাৰতে— আৰু মই এই কথা অতি দায়িত্বসহকাৰে কৈছোঁ— ভৱিষ্যতক এক নতুন ৰূপ দিছে । এটা সময় আছিল যেতিয়া দেশসমূহৰ মাজৰ সম্পৰ্ক কেৱল ব্যৱসায়-বাণিজ্যৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু আজি ব্যৱসায়ৰ লগতে বিশ্বাসো সমানেই জৰুৰী হৈ পৰিছে। প্ৰতিখন দেশে একোটা বিশ্বাসযোগ্য যোগান শৃংখল বিচাৰে। প্ৰতিখন দেশে এক সুস্থিৰ অংশীদাৰিত্ব বিচাৰে। প্ৰতিখন দেশে এনে এজন সংগীৰ সন্ধানত আছে যাৰ ওপৰত দীৰ্ঘদিন ধৰি ভৰসা কৰিব পৰা যায়। আৰু এনে এক সময়ত, ভাৰত বিশ্বৰ বুকুত এক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে মূৰ দাঙি থিয় দিছে।”

শেহতীয়া প্ৰৱন্ধসমূহ