হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ অধীনত নতুন প্ৰচেছিং আৰু কৃষি আন্তঃগাঁথনি প্ৰকল্পৰ ওপৰত আলোকপাত কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১১ জুনত ৰাজ্যখনৰ কৃষি মূল্য শৃংখলা শক্তিশালী কৰাৰ বাবে ‘মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা’ ৰূপায়ণৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে অসমৰ কৃষিৰ ভৱিষ্যত খেতিয়ক আৰু গ্ৰাম্য সমাজৰ বাবে অধিক মূল্য সৃষ্টি কৰাৰ ওপৰত নিৰ্ভৰ কৰিছে।
এক্সত এই সন্দৰ্ভত তথ্য দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ৰাজ্যতে আধুনিক সংসাধন আৰু কৃষি-আন্তঃগাঁথনি প্ৰকল্পসমূহে গঢ় লৈ উঠিছে, যিয়ে কৃষক, উদ্যোগী আৰু গ্ৰাম্য অংশীদাৰসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।
এই আঁচনিৰ অধীনত বিভিন্ন জিলাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প গঢ়ি তোলা হৈছে। ইয়াৰ ভিতৰত লখিমপুৰত আনাৰস প্ৰচেছিং ইউনিট, মৰিগাঁৱৰ আধুনিক চাউল মিল, তিনিচুকীয়াত উচ্চ প্ৰযুক্তিৰ ভেঁকুৰৰ পোনা উৎপাদন ইউনিট আৰু কামৰূপৰ উন্নত মছলা প্ৰক্ৰিয়াকৰণ ইউনিট।মুখ্যমন্ত্ৰী গৰাকীৰ মতে, এই পদক্ষেপৰ উদ্দেশ্য হৈছে কৃষি আন্তঃগাঁথনিৰ আধুনিকীকৰণ, মূল্য সংযোজনৰ উন্নতি সাধন কৰা আৰু কৃষকসকলৰ বাবে বজাৰৰ সংযোগ শক্তিশালী কৰা।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অসমৰ কৃষিৰ ভৱিষ্যত অধিক মূল্য সৃষ্টি কৰাৰ ওপৰত নিৰ্ভৰ কৰিছে। এই প্ৰকল্পসমূহে গ্ৰাম্য জীৱন ধাৰণৰ মান উন্নত কৰিব আৰু কৃষি খণ্ডত উদ্যোগীসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।
গ্ৰাম্য অসমত আন্তঃগাঁথনি-চালিত বিকাশৰ জৰিয়তে কৃষিৰ আধুনিকীকৰণ, খাদ্য সংসাধনৰ প্ৰসাৰ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ যি ব্যাপক ৰণনীতি, তাৰে এক অংশ হৈছে এই ‘মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা’।
লগতে পঢ়ক: “প্ৰধানমন্ত্ৰী গৰাকীয়ে দিল্লীক অসমৰ কাষ চপাই আনিছে”; মুখ্যমন্ত্ৰী









