অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ জুনত অসমৰ ৩.৫ কোটি জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১০ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ ৩.৫ কোটি জনসাধাৰণৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বই ৰাজ্যখনৰ উন্নয়নৰ দিশটোক মৌলিকভাৱে সলনি কৰিছে আৰু ভাৰতৰ বিকাশৰ যাত্ৰাত অসমৰ স্থান সুদৃঢ় কৰিছে।
ভাৰতৰ আটাইতকৈ দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী হোৱাৰ বাবে নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত অসম আৰু নতুন দিল্লীৰ মাজৰ সম্পৰ্কত এক গভীৰ পৰিৱৰ্তন ঘটিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “প্ৰধানমন্ত্ৰী গৰাকীৰ নেতৃত্বই অসমৰ উন্নয়নৰ গতিপথক এক নিৰ্ভৰশীল ৰাজ্যৰ পৰা ভাৰতৰ বিকাশৰ যাত্ৰাত এক অৰিহণা যোগোৱা ৰাজ্যলৈ ৰূপান্তৰিত কৰিছে।”

মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক “অষ্টলক্ষ্মী” বুলি কৰা বৰ্ণনা আৰু এই অঞ্চলটোক ভাৰতৰ বাবে “বিকাশৰ নতুন ইঞ্জিন” হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই ধাৰণাসমূহে লাখ লাখ লোকৰ মনত আত্মবিশ্বাস জগাই তুলিছে আৰু অঞ্চলটোক লৈ থকা পুৰণি চিন্তাধাৰা সলনি কৰাত সহায় কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ কাৰ্যকালত ৩৬ বাৰ অসম ভ্ৰমণ কৰিছে, যিটো তেওঁৰ যিকোনো পূৰ্বসূৰীতকৈ বেছি। এই ভ্ৰমণসমূহে ধাৰাবাহিকভাৱে এটাই বাৰ্তাই প্ৰেৰণ কৰিছে যে দেশৰ ভৱিষ্যতৰ বাবে অসম আৰু ইয়াৰ জনসাধাৰণ অত্যন্ত গুৰুত্বপূৰ্ণ।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দশক দশক ধৰি অসমৰ বহু লোকে ভাৰতীয় বুলি গৌৰৱ অনুভৱ কৰা স্বত্বেও ৰাষ্ট্ৰীয় মূলসুঁতিৰ পৰা নিজক দূৰত থকা যেন অনুভৱ কৰিছিল। তেওঁৰ মতে, মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলক লৈ থকা ধাৰণাটো উল্লেখযোগ্যভাৱে সলনি হৈছে আৰু এই অঞ্চলটো প্ৰান্তীয় অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় মনোযোগৰ কেন্দ্ৰবিন্দুলৈ গতি কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ সাংস্কৃতিক ঐতিহ্যক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক কৃতিত্ব দিয়ে। ইয়াৰ ভিতৰত চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা, অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা আৰু লাচিত বৰফুকনৰ বীৰত্বক উদযাপন কৰাৰ বাবে কৰা প্ৰয়াসসমূহক তেওঁ উল্লেখ কৰে।
উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মোদীৰ কাৰ্যকালত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কথা উল্লেখ কৰে, যাৰ ভিতৰত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সম্প্ৰসাৰণ, অসম বায়’-ৰিফাইনেৰীৰ প্ৰতিষ্ঠা, জাগীৰোডত ২৭,০০০ কোটি টকীয়া টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ নতুন টাৰ্মিনেল অন্তৰ্ভূক্ত।
লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী গৰাকীক কয় যে, “আপুনি অসমক এক পৰিচিতি দিলে। আপুনি অসমক আত্মবিশ্বাস দিলে। আপুনি অসমক মৰ্যাদা দিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, আপুনি অসমক এক গভীৰ আপোনত্বৰ অনুভৱ দিলে। তেওঁ লগতে কয় যে অসমৰ ৰাইজে প্ৰধানমন্ত্ৰীৰ এই যাত্ৰাক প্ৰশংসা, স্নেহ আৰু কৃতজ্ঞতাৰে উপচাইছে।
লগতে পঢ়ক: ভাৰতৰ ইতিহাসত নতুন অভিলেখ : প্ৰধানমন্ত্ৰী মোদীৰ সাফল্যক বিশ্বনেতাৰ অভনন্দন









