এতিয়া ২০২৫ ক বিদায় দি ২০২৬ক আদৰাৰ সময়। অন্ত পৰিল আন এটা বছৰৰ। ইজনে সিজনক নৱবৰ্ষৰ শুভেচ্ছা জনাই আগন্তুক বছৰটো ভাল হোৱাৰ কৰিছে কামনা৷
আৰু এটা বৰ্ষৰ যৱনিকা। কেলেণ্ডাৰৰ পাতত সংযোজন ঘটিল এটা নতুন বছৰৰ।তিতা-মিঠা স্মৃতিৰ মাজেৰে অন্ত পৰিল ২০২৫ বৰ্ষ। মাজনিশা ১২ বজাৰ লগে লগে ২০২৬ চনৰ নৱবৰ্ষক আদৰণি জনাই সমগ্ৰ বিশ্ববাসীয়ে।
চৌদিশে এতিয়া নতুনক জনাইছে আদৰণি।নতুন বছৰটোত নিজৰ লগতে পৰিয়ালৰ কুশল কামনা কৰি নেদেখাজনৰ আশিস ল’বলৈ আজি পুৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহলৈ সমাগম হৈছে অগণন লোকৰ ।
কিন্তু ১ জানুৱাৰীত কিয় নৱবৰ্ষ পালন কৰা হয় জানেনে? এইটো ১০০-২০০ বছৰৰ কাহিনী নহয় বৰঞ্চ শতিকা পুৰণি ৰাজনীতি, ৰহস্যময় ৰোমান দেৱতা আৰু কেলেণ্ডাৰ সংস্কাৰৰ কাহিনী।
প্ৰথম অৱস্থাত ৰোমৰ প্ৰথম কেলেণ্ডাৰ মাত্ৰ ১০ মাহৰ হে আছিল। বছৰটো মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল, কিয়নো ইয়াক খেতি আৰু যুদ্ধৰ বাবে উপযুক্ত ঋতু বুলি গণ্য কৰা হৈছিল।
সেই সময়ত জানুৱাৰী আৰু ফেব্ৰুৱাৰী পঞ্জিকাত অন্তৰ্ভুক্ত হোৱা নাছিল।সেই সময়ত জানুৱাৰী আৰু ফেব্ৰুৱাৰী পঞ্জিকাত অন্তৰ্ভুক্ত হোৱা নাছিল।
খ্ৰীষ্টপূৰ্ব ৭১৩ চনৰ আশে-পাশে ৰোমান ৰজা নুমা পম্পিলিয়াছে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ যোগ কৰিলে।জানুৱাৰী মাহটোৰ নামকৰণ কৰা হৈছে ৰোমান দেৱতা জানুছৰ নামেৰে, যি দুমুখীয়া দেৱতা আছিল।
এখন মুখ অতীতৰ ফালে আৰু আনখন ভৱিষ্যতৰ ফালে চাইছিল। সেয়েহে জানুৱাৰী মাহটোক পুৰণি বছৰৰ নতুন আৰম্ভণি আৰু শেষৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল।
প্ৰথম অৱস্থাত মাৰ্চ মাহত নতুন বছৰ আৰম্ভ হৈছিল যদিও খ্ৰীষ্টপূৰ্ব ১৫৩ চনত ৰোমান চেনেটে সিদ্ধান্ত লয় যে চৰকাৰী কাম আৰু শাসকীয় পদত নিযুক্তি ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।
যুদ্ধ পৰিকল্পনা আৰু প্ৰশাসনিক সুবিধাৰ বাবে ১ জানুৱাৰীক ক্ৰমান্বয়ে নতুন বছৰৰ প্ৰথম দিন হিচাপে গ্ৰহণ কৰা হ’ল।খ্ৰীষ্টপূৰ্ব ৪৬ চনত জুলিয়াছ ছিজাৰে জুলিয়ান কেলেণ্ডাৰ প্ৰৱৰ্তন কৰে।
এই কেলেণ্ডাৰত বছৰৰ দৈৰ্ঘ্য নিৰ্ধাৰণ কৰা হৈছিল, অধিবৰ্ষৰ ব্যৱস্থা কৰা হৈছিল আৰু ১ জানুৱাৰীক চৰকাৰী নৱবৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল।এইদৰেই আৰম্ভ হৈছিল ১ জানুৱাৰীত নৱবৰ্ষ উদযাপনৰ পৰম্পৰা।
লগতে পঢ়ক: কি পালো কি হেৰুৱালো; আকৌ উভতি চাওঁ আহক ২০২৫ বছৰটোলৈ









