প্ৰধানমন্ত্ৰীৰ বাসগৃহত মোদীক সাক্ষাৎ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ...

প্ৰধানমন্ত্ৰীৰ বাসগৃহত মোদীক সাক্ষাৎ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ…

প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। প্ৰায় এঘণ্টা ধৰি চলিছিল বৈঠক প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।এই বৈঠকত দুয়োগৰাকী নেতাই কেবিনেট সম্প্ৰসাৰণ আৰু ২০২৭ চনৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰায় এঘণ্টা ধৰি প্ৰধানমন্ত্ৰী মোদী আৰু

প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। প্ৰায় এঘণ্টা ধৰি চলিছিল বৈঠক

প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।এই বৈঠকত দুয়োগৰাকী নেতাই কেবিনেট সম্প্ৰসাৰণ আৰু ২০২৭ চনৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰায় এঘণ্টা ধৰি প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী যোগীৰ বৈঠক চলিছিল।এই বৈঠকক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছে।

দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন আৰু জে পি নাড্ডাকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী যোগীয়ে।শেহতীয়া কিছুদিনৰ পৰা ইউ পিত কেবিনেট সম্প্ৰসাৰণৰ সন্দৰ্ভত চৰ্চা চলি আহিছে।

অহা বছৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে যোগী মন্ত্ৰীসভাত সামাজিক সমীকৰণসমূহ বিতংভাৱে ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব।

আচলতে এই বৈঠকখনে চৰ্চা লাভ কৰাৰ কাৰণ হৈছে এই বৈঠকৰ কিছু সময়ৰ পূৰ্বে  ঠাকুৰৰ বিধায়কসকলেও দুখন বৈঠক অনুষ্ঠিত কৰিছিল।

ইয়াত ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ীৰ সিং, দয়াশংকৰ সিংৰ লগতে আন আন মন্ত্ৰী-বিধায়কসকলেও অংশগ্ৰহণ কৰে।লগতে প্ৰাক্তন সাংসদ ৰাজবীৰ সিং ৰাজু ভাইয়াৰ বিধায়ক, সাংসদ আৰু লোধি সম্প্ৰদায়ৰ নেতাসকলৰ সন্মিলনো আয়োজন কৰিছিল।কিন্তু সেই সময়তো দলৰ কোনো আপত্তি উত্থাপন হোৱা নাছিল।

এই সকলোবোৰ কথা চাই মুখ্যমন্ত্ৰী যোগীৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

লগতে পঢ়ক: ‘সমগ্ৰ ভাৰতৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত ডি এম কে চৰকাৰ’; অমিত শ্বাহ

শেহতীয়া প্ৰৱন্ধসমূহ