মাতৃ হ'বলৈ ওলাইছে নেকি সোভিতা ধূলিপালা? শহুৰ নাগাৰ্জুনে দিলে প্ৰতিক্ৰিয়া

মাতৃ হ’বলৈ ওলাইছে নেকি সোভিতা ধূলিপালা? শহুৰ নাগাৰ্জুনে দিলে প্ৰতিক্ৰিয়া

চাৰিওফালে অভিনেত্ৰী সোভিতা ধূলিপালা মাতৃ হ’বলৈ ওলোৱা খবৰৰ চৰ্চা চলিছে। ইয়াকে লৈ সোভিতাৰ শহুৰ নাগাৰ্জুনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সোভিতা ধূলিপালা আৰু নগা চৈতন্যই ২০২৪ চনৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল।বিবাহৰ এবছৰৰ পিছত এতিয়া দম্পতীহালে সন্তানৰ আশা কৰা বুলি চৰ্চা চলিছে। বিগত কিছু দিনৰ পৰা চৰ্চা

চাৰিওফালে অভিনেত্ৰী সোভিতা ধূলিপালা মাতৃ হ’বলৈ ওলোৱা খবৰৰ চৰ্চা চলিছে। ইয়াকে লৈ সোভিতাৰ শহুৰ নাগাৰ্জুনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সোভিতা ধূলিপালা আৰু নগা চৈতন্যই ২০২৪ চনৰ ডিচেম্বৰ মাহত বিবাহপাশত আবদ্ধ হৈছিল।বিবাহৰ এবছৰৰ পিছত এতিয়া দম্পতীহালে সন্তানৰ আশা কৰা বুলি চৰ্চা চলিছে।

বিগত কিছু দিনৰ পৰা চৰ্চা চলিছে যে সোভিতা মাতৃ হ’বলৈ গৈ আছে। এতিয়া অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ খবৰ পাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শহুৰেক নাগাৰ্জুনে।

অভিনেত্ৰী গৰাকীৰ মাতৃ হ’বলৈ ওলোৱা খবৰটো যথেষ্ট দিনৰ পৰা চলি আছিল,কিন্তু এই বিষয়ত তেওঁ এতিয়ালৈকে মৌন হৈ আছে। অৱশ্যে তেওঁৰ শহুৰেক নাগাৰ্জুনে ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

নাগাৰ্জুনক এটা প্ৰশ্ন কৰা হৈছিল যে তেওঁ ককা হ’বলৈ ওলাইছে নেকি? প্ৰথমে তেওঁ হাঁহি মাৰি আঁতৰি গৈছিল। কিন্তু পিছত অভিনেতা গৰাকীয়ে কয় যে, সঠিক সময় আহিলে আপোনালোকক জনাম।

নাগাৰ্জুনে যিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, তাৰ পিছৰে পৰাই তেওঁৰ পৰিয়ালৰ লোক সকলক শুভেচ্ছা দিয়া আৰম্ভ কৰিছে।   

লগতে পঢ়ক: পাকিস্তানক প্ৰত্যাহ্বান ছানী দেওলৰ… মুক্তি পালে বৰ্ডাৰ ২ৰ টিজাৰ