অম্মানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, ৰজা আব্দুল্লাৰ নিমন্ত্ৰণত দুদিনীয়া কাৰ্যসূচীৰে জৰ্ডান ভ্ৰমণ

অম্মানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, ৰজা আব্দুল্লাৰ নিমন্ত্ৰণত দুদিনীয়া কাৰ্যসূচীৰে জৰ্ডান ভ্ৰমণ

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে জৰ্ডানৰ ৰাজধানী অম্মানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । বিমানবন্দৰত তেওঁক দেশখনৰ প্ৰধানমন্ত্ৰীয়ে উষ্ম আদৰণি জনায় । আজিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তিনিখন দেশৰ এক গুৰুত্বপূৰ্ণ ভ্ৰমণ আৰম্ভ হৈছে । ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ সোমবাৰে জৰ্ডানত উপস্থিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে জৰ্ডানৰ ৰাজধানী অম্মানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী । বিমানবন্দৰত তেওঁক দেশখনৰ প্ৰধানমন্ত্ৰীয়ে উষ্ম আদৰণি জনায় ।

আজিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তিনিখন দেশৰ এক গুৰুত্বপূৰ্ণ ভ্ৰমণ আৰম্ভ হৈছে । ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ সোমবাৰে জৰ্ডানত উপস্থিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ভ্ৰমণে পশ্চিম এছিয়া আৰু আফ্ৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰিব । এই সময়চোৱাত বাণিজ্য, বিনিয়োগ, কৌশলগত সহযোগিতা আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত গভীৰ আলোচনা কৰা হ’ব ।

অম্মানত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি-

জৰ্ডানৰ ৰাজধানী অম্মানত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় । জৰ্ডানৰ প্ৰধানমন্ত্ৰী জাফৰ হাছানে তেওঁক বিমানবন্দৰত আদৰণি জনায় । বিশ্বৰ ভূ-ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ সময়তে এই ভ্ৰমণ দেশখনলৈ এই ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীয়ে । এই ভ্ৰমণৰ জৰিয়তে ভাৰতে নিজৰ বিশ্বাসযোগ্য অংশীদাৰসকলৰ সৈতে ৰাজনৈতিক, অৰ্থনৈতিক আৰু কূটনৈতিক সহযোগিতাক আগুৱাই নিয়াৰ লক্ষ্য ৰাখিছে । তাৎপৰ্যপূৰ্ণভাৱে এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডানলৈ প্ৰথম সম্পূৰ্ণ দ্বিপাক্ষিক ভ্ৰমণ ।

ৰজা আব্দুল্লাৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী-

জৰ্ডানত ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইয়াৰ পিছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব । ভাৰত আৰু জৰ্ডানৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এই ভ্ৰমণ বিশেষ বুলি বিবেচিত হৈছে । দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ আৰু ৰাজনৈতিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।

বাণিজ্য আৰু জনসাধাৰণৰ সম্পৰ্কত গুৰুত্ব-

এই ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী মোদী আৰু ৰজা আব্দুল্লাই ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চত ভাষণ দিব, য’ত দুয়োখন দেশৰ আগশাৰীৰ ব্যৱসায়িক নেতাসকলে অংশগ্ৰহণ কৰিব । জৰ্ডানত ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী । ক্ৰাউন প্ৰিন্সৰ সৈতে তেওঁ ভাৰতৰ সৈতে প্ৰাচীন বাণিজ্যিক সম্পৰ্কৰ প্ৰতীক পেট্ৰা চহৰ ভ্ৰমণ কৰিব ।

লগতে পঢ়ক : তিনিখন দেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী, বহু গুৰুত্বপূৰ্ণ বিষয়ত হ’ব আলোচনা