তিনিখন দেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী, বহু গুৰুত্বপূৰ্ণ বিষয়ত হ’ব আলোচনা

তিনিখন দেশ ভ্ৰমণলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী, বহু গুৰুত্বপূৰ্ণ বিষয়ত হ’ব আলোচনা

আজিৰে পৰা তিনিখন দেশ ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী । জৰ্ডানৰ পৰা আৰম্ভ হ’ব প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন দেশৰ গুৰুত্বপূৰ্ণ ভ্ৰমণলৈ ৰাওনা হৈছে । এই ভ্ৰমণসূচীৰ অধীনত তেওঁ জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ লৈ যাব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি

আজিৰে পৰা তিনিখন দেশ ভ্ৰমণলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী । জৰ্ডানৰ পৰা আৰম্ভ হ’ব প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ ।

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন দেশৰ গুৰুত্বপূৰ্ণ ভ্ৰমণলৈ ৰাওনা হৈছে । এই ভ্ৰমণসূচীৰ অধীনত তেওঁ জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ লৈ যাব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই ভ্ৰমণে পশ্চিম এছিয়া আৰু আফ্ৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় কৰিব । এই ভ্ৰমণৰ সময়ত বাণিজ্য, বিনিয়োগ, কৌশলগত সহযোগিতা আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত গভীৰ আলোচনা অনুষ্ঠিত হ’ব ।

বিশ্বত ভূ-ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ অনুষ্ঠিত হৈছে । এই ভ্ৰমণৰ জৰিয়তে ভাৰতে নিজৰ বিশ্বাসযোগ্য অংশীদাৰসকলৰ সৈতে ৰাজনৈতিক, অৰ্থনৈতিক আৰু কূটনৈতিক সহযোগিতাক আগুৱাই নিয়াৰ লক্ষ্য ৰাখিছে । তাৎপৰ্যপূৰ্ণভাৱে এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ জৰ্ডান আৰু ইথিওপিয়ালৈ প্ৰথম সম্পূৰ্ণ দ্বিপাক্ষিক ভ্ৰমণ, আনহাতে এইটোৱেই হ’ব তেওঁৰ দ্বিতীয়টো ওমান ভ্ৰমণ ।

জৰ্ডানৰ পৰা আৰম্ভ হ’ব এই ভ্ৰমণ-

১৫ ডিচেম্বৰত জৰ্ডানৰ ৰাজধানী আম্মানত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী । তাত তেওঁ ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে বৈঠকত মিলিত হ’ব । ইয়াৰ পিছত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব । ভাৰত আৰু জৰ্ডানৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এই ভ্ৰমণ বিশেষ বুলি বিবেচিত হৈছে । দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ আৰু ৰাজনৈতিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।

বাণিজ্য আৰু জনসাধাৰণৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব-

এই ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী মোদী আৰু ৰজা আব্দুল্লাই ভাৰত-জৰ্ডান ব্যৱসায়িক মঞ্চত ভাষণ দিব, য’ত দুয়োখন দেশৰ আগশাৰীৰ ব্যৱসায়িক নেতাসকলে অংশগ্ৰহণ কৰিব । জৰ্ডানত ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী । ক্ৰাউন প্ৰিন্সৰ সৈতে তেওঁ ভাৰতৰ সৈতে প্ৰাচীন বাণিজ্যিক সম্পৰ্কৰ প্ৰতীক পেট্ৰা চহৰ ভ্ৰমণ কৰিব ।

ইথিওপিয়াত আফ্ৰিকান এজেণ্ডাৰ ওপৰত আলোচনা-

জৰ্ডান ভ্ৰমণৰ পিছত ১৬ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ ইথিওপিয়া ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী । ইথিওপিয়ালৈ তেওঁৰ এইটোৱেই হ’ব প্ৰথম ভ্ৰমণ । প্ৰধানমন্ত্ৰী আবি আহমেদ আলীক সাক্ষাৎ কৰিব তেওঁ । দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হ’ব । ইথিওপিয়াৰ সংসদৰ যৌথ অধিৱেশনতো ভাষণ দিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ভাৰত-আফ্ৰিকা অংশীদাৰিত্বৰ নতুন দিশ-

ইথিওপিয়া ভ্ৰমণৰ সময়ত কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে । ভাৰতে এই ভ্ৰমণৰ জৰিয়তে আফ্ৰিকাত দীৰ্ঘম্যাদী আৰু বিশ্বাসযোগ্য অংশীদাৰ হিচাপে নিজৰ ভূমিকা শক্তিশালী কৰাৰ লক্ষ্য লৈছে । এজেণ্ডা ২০৬৩ৰ অধীনত আফ্ৰিকাৰ অগ্ৰাধিকাৰ আৰু বিশ্বজনীন বিষয়সমূহৰ ওপৰতো আলোচনা কৰা হ’ব । ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মত বিনিময় এই ভ্ৰমণৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ব ।

ওমানত বাণিজ্য চুক্তিৰ ওপৰত গুৰুত্ব-

ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে ১৭ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ ওমান ভ্ৰমণ কৰিব । এয়া হ’ব তেওঁৰ দ্বিতীয়টো ওমান ভ্ৰমণ । ভাৰত আৰু ওমানে কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ উদযাপন কৰিছে । এই ভ্ৰমণৰ সময়ত ভাৰত-ওমান সৰ্বাংগীন অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব । এই চুক্তিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক : ‘মেক্সিকোৰ সিদ্ধান্ত সম্পূৰ্ণ একপক্ষীয়…’, শুল্ক বৃদ্ধিৰ বিৰুদ্ধে ভাৰতৰ তীব্ৰ আপত্তি