নিজৰ সিদ্ধান্তৰ পৰা ট্ৰাম্পৰ ইউ-টাৰ্ণ; চাহ-কফিকে ধৰি কেইবাবিধো বস্তুৰ ওপৰত শুল্ক হ্ৰাস!

ট্ৰাম্পৰ ইউ-টাৰ্ণ; চাহ-কফিকে ধৰি কেইবাবিধো সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস!

সিদ্ধান্তৰ পৰা ইউ-টাৰ্ণ ট্ৰাম্পৰ শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ এটা সিদ্ধান্তৰ ওপৰত ইউ টাৰ্ণ লৈছে।দৈনিক ব্যৱহাৰ কৰা বহু সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিছে ট্ৰাম্পে। এই ইউ-টাৰ্ণ এনে সময়ত লোৱা হৈছে,যেতিয়া আমেৰিকাত দৈনন্দিন সামগ্ৰীৰ দাম আকাশলংঘী হৈছিল।অৱশ্যে এই শুল্ক হ্ৰাসে এতিয়া আমেৰিকাৰ জনসাধাৰণক যথেষ্ট সকাহ

সিদ্ধান্তৰ পৰা ইউ-টাৰ্ণ ট্ৰাম্পৰ

শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ এটা সিদ্ধান্তৰ ওপৰত ইউ টাৰ্ণ লৈছে।দৈনিক ব্যৱহাৰ কৰা বহু সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিছে ট্ৰাম্পে।

এই ইউ-টাৰ্ণ এনে সময়ত লোৱা হৈছে,যেতিয়া আমেৰিকাত দৈনন্দিন সামগ্ৰীৰ দাম আকাশলংঘী হৈছিল।অৱশ্যে এই শুল্ক হ্ৰাসে এতিয়া আমেৰিকাৰ জনসাধাৰণক যথেষ্ট সকাহ দিব।

ট্ৰাম্পে গো-মাংস, কফি, গ্রীষ্মমণ্ডলীয় ফলকে ধৰি কেইবাটাও বস্তুৰ ওপৰত শুল্ক হ্ৰাস কৰিছে।আমেৰিকাত এই মাহত অবছৰীয়া নিৰ্বাচনত অৰ্থনৈতিক উদ্বেগৰ বিষয়টো আছিল এক উত্তপ্ত বিষয়, য’ত আমেৰিকাৰ নাগৰিকে সামগ্ৰীৰ দামক লৈ ক্ষোভ প্ৰকাশ কৰিছিল।ইয়াৰ ফলত ভাৰ্জিনিয়া আৰু নিউ জাৰ্চিত ডেম’ক্ৰেটসকলে ডাঙৰ জয়লাভ কৰে।

মন কৰিবলগীয়া যে এপ্ৰিল মাহত ট্ৰাম্পে বেছিভাগ দেশৰ ওপৰত শুল্ক আৰোপ কৰিছিল।তেওঁ আৰু তেওঁৰ প্ৰশাসনে দীৰ্ঘদিন ধৰি জোৰ দি আহিছে যে শুল্কই গ্ৰাহকৰ মূল্য বৃদ্ধি নকৰে,আনহাতে অৰ্থনৈতিক প্ৰমাণ ইয়াৰ বিপৰীত আৰু গ্ৰাহক সামগ্ৰীৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে।

আমেৰিকাত অভিলেখ সৃষ্টিকাৰী গো-মাংসৰ উচ্চ মূল্য বিশেষ চিন্তাৰ বিষয় হৈ পৰিছে আৰু ট্ৰাম্পে এইবোৰ হ্ৰাস কৰাৰ বাবে ব্যৱস্থা লোৱাৰ মনস্থ কৰিছে বুলি কৈছে।

আনুষ্ঠানিকভাৱে গো-মাংস, কফি আৰু ফলৰ উপৰিও এই অৰ্ডাৰত চাহ, ফলৰ ৰস, ক’ক’, মছলা, কল, কমলা, টমেটো আৰু কিছু সাৰৰ ওপৰতো শুল্ক আঁতৰোৱা হৈছে।

ইয়াৰ ভিতৰত এনে কিছুমান সামগ্ৰী আমেৰিকাত উৎপাদিত নহয়।এতিয়া এইবোৰ বস্তুৰ দাম কমি যাব পাৰে বুলি আশা কৰা হৈছে।

লগতে পঢ়ক:বটছৱানাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু; কিয় বিশেষ এই ভ্ৰমণ ?