জম্মু-কাশ্মীৰৰ নাওগাম থানাত ভয়ংকৰ বিস্ফোৰণ; ৯ জনৰ মৃত্যু

জম্মু-কাশ্মীৰৰ নাওগাম থানাত ভয়ংকৰ বিস্ফোৰণ; ৯ জনৰ মৃত্যু

জম্মু-কাশ্মীৰৰ নাওগাম থানাত ভয়ংকৰ বিস্ফোৰণ দক্ষিণ শ্ৰীনগৰৰ নাওগাম থানাত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।য’ত ৯ জনকৈ লোকৰ মৃত্যু হৈছে।ঘটনাটো শুকুৰবাৰে নিশা প্ৰায় ১১:২০ মান বজাত সংঘটিত হয়। শ্ৰীনগৰৰ নাওগাম আৰক্ষী থানাত হোৱা এই বিস্ফোৰণৰ শব্দ দূৰ-দূৰণিৰ শুনা গৈছিল।বিস্ফোৰণৰ ফলত থানাখনৰ আশে-পাশে থকা বাহনসমূহো দাউ দাউ

জম্মু-কাশ্মীৰৰ নাওগাম থানাত ভয়ংকৰ বিস্ফোৰণ

দক্ষিণ শ্ৰীনগৰৰ নাওগাম থানাত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।য’ত ৯ জনকৈ  লোকৰ মৃত্যু হৈছে।ঘটনাটো শুকুৰবাৰে নিশা প্ৰায় ১১:২০ মান বজাত সংঘটিত হয়।

শ্ৰীনগৰৰ নাওগাম আৰক্ষী থানাত হোৱা এই বিস্ফোৰণৰ শব্দ দূৰ-দূৰণিৰ শুনা গৈছিল।বিস্ফোৰণৰ ফলত থানাখনৰ আশে-পাশে থকা বাহনসমূহো দাউ দাউ কৈ জ্বলি উঠিছিল।  

জানিব পৰা মতে ফৰিদাবাদৰ পৰা শ্ৰীনগৰৰ আৰক্ষীয়ে জব্দ কৰি থৈছিল এম’নিয়াম নাইট্ৰেট।নৱেম্বৰৰ আৰম্ভণিতে জইছ-ই-মহম্মদৰ (জেম) এটা সন্ত্ৰাসবাদী মডিউলৰ তদন্তৰ অংশ হিচাপে এই সামগ্ৰীসমূহ জব্দ কৰা হৈছিল।

সেই জব্দকৃত বিস্ফোৰক সমূহ স্থানীয় আৰক্ষী আৰু এজন ৰাজহ বিষয়া (নৈব তহচিলদাৰ)ই পৰীক্ষা কৰি আছিল।সেই সময়তেই বিস্ফোৰণ হৈছিল সামগ্ৰী খিনি।

বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে, থানাখনৰ আশে পাশে থকা বাসগৃহ সমূহৰ খিৰিকিৰ গ্লাচ ভাঙি গৈছিল। এই বিস্ফোৰণৰ ফলত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৭ জনতকৈও অধিক লোক আহত হৈছে।

লগতে পঢ়ক: উৰুৱাই দিয়া হ’ল দিল্লী বিস্ফোৰণৰ অভিযুক্ত চিকিৎসক উমৰৰ বাসগৃহ…