দুখন পাৰ্চপৰ্টৰ গোচৰত আব্দুল্লা আজমক ৭ বছৰৰ কাৰাদণ্ড...

দুখন পাৰ্চপৰ্টৰ গোচৰত আব্দুল্লা আজমক ৭ বছৰৰ কাৰাদণ্ড…

উত্তৰ প্ৰদেশৰ ৰামপুৰৰ এখন আদালতে এছ পি নেতা আজম খানৰ পুত্ৰ আব্দুল্লা আজমক ৭ বছৰৰ কাৰাদণ্ড… উত্তৰ প্ৰদেশৰ ৰামপুৰৰ এখন আদালতে এছ পি নেতা আজম খানৰ পুত্ৰ,আব্দুল্লা আজমক দুখন পাছপ’ৰ্ট আৰু পেন কাৰ্ডৰ গোচৰত দোষী সাব্যস্ত কৰি ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে । লগতে

উত্তৰ প্ৰদেশৰ ৰামপুৰৰ এখন আদালতে এছ পি নেতা আজম খানৰ পুত্ৰ আব্দুল্লা আজমক ৭ বছৰৰ কাৰাদণ্ড…

উত্তৰ প্ৰদেশৰ ৰামপুৰৰ এখন আদালতে এছ পি নেতা আজম খানৰ পুত্ৰ,আব্দুল্লা আজমক দুখন পাছপ’ৰ্ট আৰু পেন কাৰ্ডৰ গোচৰত দোষী সাব্যস্ত কৰি ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে । লগতে ৫০ হাজাৰ টকা জৰিমনাও বিহিছে।

দৰাচলতে, এই গোচৰটো ২০১৯ চনৰ, যেতিয়া বিজেপি বিধায়ক আকাশ ছাক্সেনাই আব্দুল্লা আজম আৰু অন্যান্যসকলৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ (ধাৰা ৪২০), জাল নথি-পত্ৰ (ধাৰা ৪৬৭, ৪৬৮)পৰিচয় পত্ৰ জালিয়াতি (ধাৰা ৪৭১)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। শুনানি সমাপ্ত হোৱাৰ পিছতে আজি আদালতে ৰায় প্ৰদান কৰে।

আব্দুল্লা আজমে দুখন পাছপ’ৰ্ট আৰু পেন কাৰ্ড বনোৱাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ নামত এখন প্ৰকৃত আৰু বৈধ নথি,আৰু দ্বিতীয়টো আছিল ভুৱা নাম/পৰিচয় ব্যৱহাৰ কৰি অবৈধভাৱে নথি প্ৰস্তুত কৰা।অভিযোগ কৰা হৈছিল যে ভুৱা পৰিচয় আৰু নথি-পত্ৰ বেংকিং, ভোটদান বা অন্যান্য স্পৰ্শকাতৰ কামত ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন।

আজি আদালতত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ হোৱা আব্দুল্লা আজমক দোষী সাব্যস্ত কৰাৰ পিছত কেৱল সাত বছৰৰ কাৰাদণ্ডই নহয়,আদালতে কয় যে এই অপৰাধ সমাজ আৰু জাতিৰ বাবে বিপদজনক কাৰণ ভুৱা নথি-পত্ৰই অপৰাধ, দাঙ্গা, পৰিচয় জালিয়াতিৰ সৃষ্টি কৰিব পাৰে।

লগতে পঢ়ক: “মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ কাম কৰি আছে”; বহিষ্কৃত বিধায়ক হুমায়ুন কবীৰ বিস্ফোৰক মন্তব্য