নিৰাপত্তা পৰিষদৰ সংস্কাৰ এতিয়া প্ৰয়োজনীয়ঃ প্ৰধানমন্ত্ৰী মোদীৰ দাবী

নিৰাপত্তা পৰিষদৰ সংস্কাৰ এতিয়া প্ৰয়োজনীয়ঃ প্ৰধানমন্ত্ৰী মোদীৰ দাবী

নিৰাপত্তা পৰিষদৰ সংস্কাৰ প্ৰয়োজনীয় দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা আই বি এছ এ (ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা)ৰ লীডাৰ্ছ বৈঠকত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই আয়োজন কৰা এই বৈঠকত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিও লুলা দা চিলভাও উপস্থিত থাকে । বৈঠকত অংশগ্ৰহণ কৰি

নিৰাপত্তা পৰিষদৰ সংস্কাৰ প্ৰয়োজনীয়

দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা আই বি এছ এ (ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা)ৰ লীডাৰ্ছ বৈঠকত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই আয়োজন কৰা এই বৈঠকত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিও লুলা দা চিলভাও উপস্থিত থাকে । বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰ এতিয়া অতি প্ৰয়োজনীয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ তিনিওখন দেশেই একমত যে বৈশ্বিক প্ৰতিষ্ঠানসমূহ একবিংশ শতিকাৰ বাস্তৱতাৰ পৰা বহু দূৰৈত । আমাৰ কোনো এখন দেশ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয় । ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে বিশ্বব্যাপী প্ৰতিষ্ঠানসমূহে আজিৰ পৃথিৱীখনক প্ৰতিনিধিত্ব নকৰে । গতিকে আই বি এছ এ(IBSA)য়ে সৰ্বসন্মতিক্ৰমে সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ কৰা উচিত যে প্ৰতিষ্ঠানিক সংস্কাৰ এতিয়া বিকল্প নহয়, বৰঞ্চ এক প্ৰয়োজনীয়তা ।

শেহতীয়াকৈ বিশ্বত যথেষ্ট উত্তেজনা দেখা গৈছে । এনে পৰিস্থিতিত আই বি এছ এয়ে সংহতি, সহযোগিতা আৰু মানৱতাৰ বাৰ্তা প্ৰেৰণ কৰা উচিত । এই বৈঠকো বিশেষ আছিল কাৰণ প্ৰথমবাৰৰ বাবে আফ্ৰিকাত জি-২০ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে জি-২০ৰ বিগত চাৰিবাৰৰ অধ্যক্ষৰ পদৰ ভিতৰত তিনিবাৰকৈ আই বি এছ এ দেশসমূহে অধিষ্ঠিত হৈছে । ইয়াত মানৱকেন্দ্ৰিক উন্নয়ন, বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু বহনক্ষম উন্নয়নৰ ওপৰত বহুতো ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আই বি এছ এ কেৱল তিনিখন দেশৰ গোট নহয়, বৰঞ্চ তিনিখন মহাদেশক সংযোগ কৰা এক মঞ্চ । ই তিনিখন বৃহৎ গণতন্ত্ৰ আৰু তিনিখন শক্তিশালী অৰ্থনীতিক প্ৰতিনিধিত্ব কৰে । তেওঁ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছা আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাক নিৰাপত্তা শক্তিশালী কৰাৰ বাবে আই বি এছ এ দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ)ৰ বৈঠক নিয়মীয়াকৈ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সন্ত্ৰাসবাদৰ দৰে গুৰুতৰ বিষয়ত কোনো ধৰণৰ দ্বৈত মানদণ্ড থাকিব নালাগে আৰু তিনিওখন দেশে একেলগে কাম কৰিব লাগে । প্ৰযুক্তিৰ ভূমিকাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আই বি এছ এ ডিজিটেল ইনোভেচন এলায়েন্স গঠনৰ প্ৰস্তাৱ আগবঢ়ায় । ইয়াৰ অধীনত তিনিওখন দেশে ইউ পি আইৰ দৰে ডিজিটেল পেমেণ্ট প্ৰযুক্তি, CoWINৰ দৰে স্বাস্থ্যসেৱা ব্যৱস্থা, চাইবাৰ সুৰক্ষা ব্যৱস্থা, আৰু মহিলা-চালিত প্ৰযুক্তিৰ পদক্ষেপ ভাগ-বতৰা কৰিব পাৰিব ।

লগতে পঢ়ক : জি-২০ শীৰ্ষ সন্মিলন: জোহান্সবাৰ্গত প্ৰধানমন্ত্ৰী মোদী-ৰাষ্ট্ৰপতি মেক্ৰনৰ বৈঠক