মদিনাত সম্পূৰ্ণ ৰীতি-নীতিৰে সমাধিস্থ দুৰ্ঘটনাত নিহত ভাৰতীয় তীৰ্থযাত্ৰীৰ

মদিনাত সম্পূৰ্ণ ৰীতি-নীতিৰে সমাধিস্থ দুৰ্ঘটনাত নিহত ভাৰতীয় তীৰ্থযাত্ৰীৰ

মদিনাত সমাধিস্থ দুৰ্ঘটনাত নিহত ভাৰতীয় তীৰ্থযাত্ৰী শনিবাৰে চৌদি আৰৱৰ মদিনাত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয়সকলৰ শেষকৃত্য সম্পন্ন কৰা হয় । ইছলামিক পৰম্পৰা অনুসৰি অনুষ্ঠিত হোৱা আৱেগিক অন্ত্যেষ্টিক্ৰিয়াত পৰিয়ালৰ লোক আৰু সমাজৰ লোকৰ লগতে ভাৰতীয় বিষয়াসকলেও অংশগ্ৰহণ কৰে । এই মৰ্মান্তিক দুৰ্ঘটনাত নিহতসকলক শ্ৰদ্ধাঞ্জলি

মদিনাত সমাধিস্থ দুৰ্ঘটনাত নিহত ভাৰতীয় তীৰ্থযাত্ৰী

শনিবাৰে চৌদি আৰৱৰ মদিনাত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতীয়সকলৰ শেষকৃত্য সম্পন্ন কৰা হয় । ইছলামিক পৰম্পৰা অনুসৰি অনুষ্ঠিত হোৱা আৱেগিক অন্ত্যেষ্টিক্ৰিয়াত পৰিয়ালৰ লোক আৰু সমাজৰ লোকৰ লগতে ভাৰতীয় বিষয়াসকলেও অংশগ্ৰহণ কৰে । এই মৰ্মান্তিক দুৰ্ঘটনাত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ ভাৰতৰ পৰা এক বিষয়াৰ দল উপস্থিত হয় । উল্লেখ্য যে ১৭ নৱেম্বৰত মক্কাৰ পৰা মদিনালৈ গৈ থকা অৱস্থাত এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয় য’ত ৪০ জনতকৈ অধিক যাত্ৰীৰ মৃত্যু হৈছিল । নিহত এই আটাইকেইজন তীৰ্থযাত্ৰী ভাৰতীয় আছিল ।

জন্নাত উল বকী কবৰস্থানত সন্মানেৰে সমাধিস্থ কৰা হয় আটাইকেইজন ভাৰতীয় তীৰ্থযাত্ৰীক । অন্ধ্ৰ প্ৰদেশৰ গৱৰ্ণৰ ন্যায়াধীশ এছ আব্দুল নাজিৰৰ লগতে তেলেংগানা চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰী মহম্মদ আজহাৰুদ্দিন, চৌদি আৰৱত ভাৰতৰ ৰাষ্ট্ৰদূত ড° ছুহেইল খান আৰু জেদ্দাৰ কনছুল জেনেৰেল ফাহাদ ছুৰীও ইয়াত উপস্থিত থাকে । চৌদি আৰৱৰ বৈদেশিক মন্ত্ৰালয় আৰু মদিনা গভৰ্ণৰেটৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে ।

উল্লেখ্য য়ে, ১৭ নৱেম্বৰত ভাৰতীয় সময় অনুসৰি প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । চৌদি আৰৱৰ পবিত্ৰ চহৰ মদিনাৰ সমীপত যাত্ৰীবাহী বাছখনে এখন তেল টেংকাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । ৰিয়াধত থকা ভাৰতীয় দূতাবাস আৰু জেদ্দাত থকা ভাৰতীয় কনছুলেটে স্থানীয় কৰ্তৃপক্ষৰ সমন্বয়ত মৃতক চিনাক্তকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰে । নিহত ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ অধিকাংশই তেলেংগানাৰ বাসিন্দা আছিল ।

ধৰ্মীয় ৰীতি-নীতি সম্পূৰ্ণ কৰি মক্কাৰ পৰা উভতি আহিছিল তীৰ্থযাত্ৰীৰ দলটো । দুৰ্ঘটনাৰ সময়ত বাছখনৰ বহু যাত্ৰী টোপনিত আছিল, যাৰ বাবে তেওঁলোকে বাছৰ পৰা ওলাবলৈ সময় নাপালে । সংঘৰ্ষৰ পিছত বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত পৰিস্থিতি আৰু ভয়ংকৰ হৈ পৰে ।

লগতে পঢ়ক : শক্তিশালী ভূমিকম্পত কঁপি উঠিল বাংলাদেশ; ৬ জনৰ মৃত্যু