মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন মিঞাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থকা উচ্ছেদ অভিযানৰ মাজতে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে অভয়াপুৰীত অনুষ্ঠিত হোৱা বিশেষ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে । মিঞাৰ বিৰুদ্ধে উচ্ছেদ

কংগ্ৰেছক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

মিঞাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থকা উচ্ছেদ অভিযানৰ মাজতে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে অভয়াপুৰীত অনুষ্ঠিত হোৱা বিশেষ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে । মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত আপত্তি কি আছে । আমাৰ সংবিধানত সন্দেহজনক মিঞাৰ বিৰুদ্ধে কোৱাত কোনো বাধা নাই । যদি কোনোৱে গাত পাতি নিজকে নিজে সন্দেহজনক কৰে তাত বাধা দিব নোৱাৰোঁ । যিয়ে নিজকে ভাৰতীয় নাগৰিক বুলি জানে তেওঁ গাত পাতি নলয় । যি নিজেই ভাবে সন্দেহজনক তেওঁহে গাত পাতি ল’ব ।“

তেওঁ পুনৰ কয়-“কংগ্ৰেছ নেতা ৰিপুন বৰাই আওঁপকীয়াকৈ অসমৰ মিঞাসকলক সন্দেহজনক বুলি কৈছে, মই নাইকোৱা । মই সন্দেহজনক মিঞাৰ বিৰুদ্ধেহে কৈছোঁ ।“

কংগ্ৰেছক সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়-“অসমত কংগ্ৰেছৰ ৬০ বছৰ চৰকাৰ আছিল । মানুহবিলাকক কংগ্ৰেছে মাটিৰ পট্টা দিব পাৰিলেহেঁতেন । কিন্তু তেওঁলোকে কাকোৱেই পট্টা নিদিলে । তেওঁলোকে মাটিৰ পট্টা দিয়াহেতেন আজি উচ্ছেদো নহ’লহেতেন । এয়া সঁচা কথা । কংগ্ৰেছক মিঞা ভোট দিছে কিন্তু কংগ্ৰেছে তেওঁলোকৰ কাম কৰা নাই । গতিকে মিঞাসকলে কংগ্ৰেছক প্ৰশ্ন কৰক যে কিয় তেওঁলোকক মাটিৰ পট্টা দিয়া নহ’ল ।“

লগতে পঢ়ক : ‘জুবিনক্ষেত্ৰত যিয়ে মদ ঢালিব তাক চোচৰাই গ্ৰেপ্তাৰ কৰিম’; মুখ্যমন্ত্ৰী