পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ; আজি ল’ব শপত

পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ; আজি ল’ব শপত

পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ আজি দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে। পাটনাৰ ঐতিহাসিক গান্ধী মৈদানত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান। পুৱা ১১.৩০ বজাত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে। ১৮ গৰাকী মন্ত্ৰীৰ সৈতে শপত ল’ব নীতিশ কুমাৰে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত

পুনৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ

আজি দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে। পাটনাৰ ঐতিহাসিক গান্ধী মৈদানত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।

পুৱা ১১.৩০ বজাত মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে। ১৮ গৰাকী মন্ত্ৰীৰ সৈতে শপত ল’ব নীতিশ কুমাৰে।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ, জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু ৰাজনিতিবিদ।

শপতগ্ৰহণ অনুষ্ঠানৰ বাবে পাটনা বিমানবন্দৰত বৃদ্ধি পাইছে ভিভিআইপিৰ যাতায়ত। বুধবাৰে নিশা পাটনাত অৱতৰণ কৰে চাৰিখন চাৰ্টাৰ্ড বিমান।

গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হয়।ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এন ডি এ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

নতুন এন ডি এ চৰকাৰত বিজেপিৰ ১৪জন মন্ত্ৰীয়েও আজি শপত গ্ৰহণ কৰিব । পুৰণি মুখৰ ভিতৰত কেৱল মংগল পাণ্ডে আৰু নীতিনহে নতুন মন্ত্ৰী হ’ব।সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাৰ নাম ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ বাহিৰে সকলো মুখ নতুন। বিজেপিৰ দুগৰাকী মহিলা মন্ত্ৰীৰ নামো অন্তৰ্ভূক্ত আছিল।আজি শ্ৰেয়াসী সিং আৰু ৰামা নিশাদে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। সঞ্জয় টাইগাৰো হ’ব মন্ত্ৰী।

লগতে পঢ়ক: কাইলৈ ​​বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে;উপস্থিত থাকিব বহু VVIP