পুনৰ দায়িত্ব ল’বলৈ সাজু নীতিশ কুমাৰ
বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত আছে। জে ডি ইউ বিধায়ক দল আৰু বিজেপি দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত বুধবাৰে এন ডি এ বিধানসভা দলৰ নেতাও নিৰ্বাচিত হয়।
আচলতে বিধানসভাৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এন ডি এৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল,য’ত সকলো গঠনকাৰী দলJDU, BJP, LJP (ৰাম বিলাস)HAM আৰু RLM ৰ বিধায়ক উপস্থিত থাকে।
এই বৈঠকত সৰ্বসন্মতিক্ৰমে নীতিশ কুমাৰক এন ডি এ বিধানসভা দলৰ নেতা নিৰ্বাচিত কৰা হয়।ইয়াৰ লগে লগে তেওঁৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰায় মুকলি হ’ল।
ইয়াৰ পূর্বে আজিৰ দিনটো আৰম্ভণি জে ডি ইউ বিধানসভা দলৰ বৈঠকেৰে হয়৷য’ত দলীয় বিধায়কসকলে সৰ্বসন্মতিক্ৰমে তেওঁক নেতা হিচাপে নিৰ্বাচিত কৰে।
ইয়াৰ পিছত বিজেপিৰ বৈঠকত বিজেপি বিধায়িনী দলৰ নেতা সম্ৰাট চৌধুৰী আৰু উপ-নেতা বিজয় সিনহা নিৰ্বাচিত হয়।
পৃথক পৃথক বৈঠকৰ অন্তত এন ডি এৰ সকলো বিধায়কে বিয়লি প্ৰায় ৩ বজাত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত উপস্থিত হয়, য’ত এন ডি এ বিধানসভা দলৰ বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত সকলো বিধায়কে নীতিশ কুমাৰৰ নেতৃত্বক সমৰ্থন কৰি এন ডি এৰ নেতা হিচাপে ঘোষণা কৰে। নীতিশ কুমাৰে এতিয়া ৰাজভৱনলৈ গৈ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰৰ লগতে বিহাৰত নতুন চৰকাৰ গঠনৰ দাবী কৰিব।
লগতে পঢ়ক: ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰাটো প্ৰয়োজনীয় নহয় : মোহন ভাগৱত









