আজি বিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ...

আজি বিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…

আজি বিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।পুৱাৰে পৰা বিভিন্ন ভোটকেন্দ্ৰত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। বিহাৰৰ ১২২খন বিধানসভা আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে।বিহাৰ বিধানসভা নিৰ্বাচনৰ উপৰি ৬খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয়

আজি বিহাৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।পুৱাৰে পৰা বিভিন্ন ভোটকেন্দ্ৰত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে।

বিহাৰৰ ১২২খন বিধানসভা আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে।বিহাৰ বিধানসভা নিৰ্বাচনৰ উপৰি ৬খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮খন বিধানসভাৰ আসনত উপ-নিৰ্বাচনৰ বাবেও ভোটদান আৰম্ভ হৈছে।

আজি জম্মু-কাশ্মীৰৰ বুডগাম আৰু নাগ্ৰোটা, ৰাজস্থানৰ আন্তা, ঝাৰখণ্ডৰ ঘাটশিলা, তেলেংগানাৰ জুবিলী হিলছ, পঞ্জাৱৰ তৰ্ণ তৰণ, মিজোৰামৰ ডাম্পা আৰু ওড়িশাৰ নুৱাপাদাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

ৰাষ্ট্ৰীয় লোক মৰ্চাৰ মুৰব্বী উপেন্দ্ৰ কুশৱাহাই কয়, ‘ভোটকেন্দ্ৰত বিপুল জনসমাগম দেখিবলৈ পোৱা গৈছে।জনসাধাৰণে যে এন ডি এৰ বাবে উৎসাহেৰে ভোটদান কৰিছে সেয়া স্পষ্ট। এন ডি এৰ বাবে সকলো দিশতে জিলিকি আছে।’

প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমত লিখিছে, “আজি বিহাৰ বিধানসভা নিৰ্বাচনত দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটদান”।

“সকলো ভোটাৰকে অংশগ্ৰহণ কৰি ভোটদানৰ এক নতুন অভিলেখ সৃষ্টি কৰিবলৈ অনুৰোধ জনালোঁ।প্ৰথমবাৰৰ বাবে ভোট দিবলৈ যোৱা ৰাজ্যখনৰ যুৱ বন্ধুসকললৈ মোৰ বিশেষ অনুৰোধ, যে তেওঁলোকে কেৱল নিজে ভোটদান কৰাই নহয়, আনকো ভোটদান কৰিবলৈ অনুপ্ৰাণিত কৰক।”

বিহাৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত পূৰ্ণিয়াৰ নিৰ্দলীয় সাংসদ পাপ্পু যাদৱে কয়, ‘SIR ত ৬৯ লাখ ভোট কৰ্তন কৰা হ’ল, তেতিয়াহ’লে ভোট বৃদ্ধি কেনেকৈ হ’ব”।

“ভোটাৰৰ ভোটদানৰ হাৰ হ্ৰাস পাইছে। এক বৃহৎ পৰিৱৰ্তনৰ পথত বিহাৰ। বিহাৰৰ ৰাইজে পৰিৱৰ্তন বিচাৰে। নতুন প্ৰজন্মই নতুন সপোন দেখিছে।”

লগতে পঢ়ক: বিহাৰ নিৰ্বাচন: দ্বিতীয় পৰ্যায়ত নিৰ্ণয় হ’ব এন ডি এৰ ১২২, মহাগঠবন্ধনৰ ১২৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য