"জ্ঞানেশ কুমাৰ, আপুনি ভালদৰে অৱসৰ ল'ব নোৱাৰিব"; প্ৰিয়ংকা গান্ধীৰ CEC ক মুকলি ভাবুকি

জ্ঞানেশ কুমাৰক মুকলি ভাবুকি প্ৰিয়ংকা গান্ধীৰ !

মুখ্য নিৰ্বাচন আয়ুক্তক মুকলি ভাবুকি প্ৰিয়ংকা গান্ধীৰ ! বিধানসভা নিৰ্বাচনৰ বাবে বিহাৰত ৰাজনৈতিক উষ্ণতা তুংগত পাইছে। কিন্তু ইফালে কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে শালীনতাৰ সীমা অতিক্ৰম কৰিছে। বিহাৰৰ এখন সভাত মঞ্চৰ পৰা ভাষণ দি প্ৰিয়ংকা গান্ধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক মুকলি ভাবুকি দিয়ে। তেওঁ স্পষ্টকৈ

মুখ্য নিৰ্বাচন আয়ুক্তক মুকলি ভাবুকি প্ৰিয়ংকা গান্ধীৰ !

বিধানসভা নিৰ্বাচনৰ বাবে বিহাৰত ৰাজনৈতিক উষ্ণতা তুংগত পাইছে। কিন্তু ইফালে কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে শালীনতাৰ সীমা অতিক্ৰম কৰিছে।

বিহাৰৰ এখন সভাত মঞ্চৰ পৰা ভাষণ দি প্ৰিয়ংকা গান্ধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক মুকলি ভাবুকি দিয়ে।

তেওঁ স্পষ্টকৈ কৈছিল যে জ্ঞানেশ কুমাৰ, যদি আপুনি ভাৱে যে আপুনি ভালদৰে অৱসৰ ল’ব পাৰিব তেন্তে সেয়া হ’ব নোৱাৰে।

মই জনসাধাৰণক কওঁ যে জ্ঞানেশ কুমাৰৰ নাম কেতিয়াও পাহৰিব নালাগে।প্ৰিয়ংকাই জ্ঞানেশ কুমাৰৰ লগতে এছ এছ সন্ধু আৰু বিবেক যোশীৰ নামো ৰাখিলে।

মঞ্চৰ পৰা ভাষণ দি থাকোঁতে তেওঁ কয় যে আপোনালোকে দেখিলে যে হাৰিয়ানাত কেনেকৈ ভোট চুৰি হৈছিল।তিনিটা নাম মনত ৰাখিবলৈ অনুৰোধ কৰিছোঁ।

এই নামবোৰ হৈছে জ্ঞানেশ কুমাৰ, এছ এছ সন্ধু আৰু বিবেক যোশী। আশ্চৰ্যজনক যে প্ৰিয়ংকাই যেতিয়া মঞ্চৰ পৰা এটা এটাকৈ এই নামবোৰ পঢ়ি শুনাইছিল, তেতিয়া ৰেলীত উপস্থিত থকা তেওঁৰ সমৰ্থকসকলে চোৰ-চোৰৰ শ্লোগান চিঞৰিছিল।

লগতে পঢ়ক: ‘নতুন ব্যৱস্থা আহি আছে’; বিহাৰত বাম্পাৰ ভোটিং সন্দৰ্ভত প্ৰশান্ত কিশোৰৰ ডাঙৰ মন্তব্য