‘নতুন ব্যৱস্থা আহি আছে'; বিহাৰত বাম্পাৰ ভোটিং সন্দৰ্ভত প্ৰশান্ত কিশোৰৰ ডাঙৰ মন্তব্য

বিহাৰত বাম্পাৰ ভোটিং সন্দৰ্ভত প্ৰশান্ত কিশোৰৰ ডাঙৰ মন্তব্য

বাম্পাৰ ভোটিং সন্দৰ্ভত প্ৰশান্ত কিশোৰৰ ডাঙৰ মন্তব্য প্ৰথম পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচন (২০২৫)ৰ ভোটদান ইতিমধ্যে সমাপ্ত হৈছে। ১৮খন জিলাৰ ১২১খন আসনত ভোটগ্ৰহণ হয়।এইবাৰ ভোটাৰৰ ভোটদান বৃদ্ধি পাইছে। ইফালে জন সুৰাজৰ স্থপতি প্ৰশান্ত কিশোৰে এক উল্লেখযোগ্য বক্তব্য আগবঢ়াইছে।তেওঁ কয় যে বিগত ৩০ বছৰত সৰ্বাধিক ভোটদান হোৱাটোৱে

বাম্পাৰ ভোটিং সন্দৰ্ভত প্ৰশান্ত কিশোৰৰ ডাঙৰ মন্তব্য

প্ৰথম পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচন (২০২৫)ৰ ভোটদান ইতিমধ্যে সমাপ্ত হৈছে। ১৮খন জিলাৰ ১২১খন আসনত ভোটগ্ৰহণ হয়।এইবাৰ ভোটাৰৰ ভোটদান বৃদ্ধি পাইছে।

ইফালে জন সুৰাজৰ স্থপতি প্ৰশান্ত কিশোৰে এক উল্লেখযোগ্য বক্তব্য আগবঢ়াইছে।তেওঁ কয় যে বিগত ৩০ বছৰত সৰ্বাধিক ভোটদান হোৱাটোৱে এইটো কথাৰ সংকেত দিছে যে, বিহাৰত পৰিৱৰ্তন আহি আছে।১৪ নৱেম্বৰত এটা নতুন ব্যৱস্থা স্থাপন কৰিবলৈ ওলাইছে।

কওঁ যে যোৱাবাৰ এই ১২১খন আসনত ৫৫.৮১ শতাংশ ভোটদান হৈছিল।এইবাৰ সন্ধিয়া ৫ বজাৰ ভিতৰত এই সংখ্যা ৬০.১৩ শতাংশত উপনীত হয়।এইবাৰ সম্পূৰ্ণ শক্তিৰে খেলপথাৰত প্ৰৱেশ কৰিছে প্ৰশান্ত কিশোৰৰ দলে।

আনহাতে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক এম এ বেবীয়ে বৃহস্পতিবাৰে কয় যে গ্ৰেণ্ড এলায়েন্সৰ এই অভিযানে বিহাৰৰ ৰাইজৰ প্ৰচণ্ড সঁহাৰি লাভ কৰিছে, আৰু তেওঁ নিজৰ বিশ্বাস প্ৰকাশ কৰিলে যে জনসাধাৰণে,বিশেষকৈ যুৱক-যুৱতীসকলে ‘ঘৃণাৰ ৰাজনীতি’ নাকচ কৰিব।

লগতে পঢ়ক: আৰজেডিৰ জংঘলৰাজ… প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বিহাৰত প্ৰধানমন্ত্ৰী মোদী