জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ৰাইজে ভবাতকৈ ভাল হ’ব
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, জুবিনৰ ঘটনাৰ তদন্তত চৰকাৰে যিমান কৰিব লাগে সকলো কৰিছে।
চৰকাৰে হিচাপতকৈ এটা ষ্টেপ অধিক কৰিছে। আৰু ইয়াৰ প্ৰমাণ সকলো সময়তে অসমৰ ৰাইজে পাব।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অসমবাসীয়ে আৰু মাত্ৰ এমাহ অপেক্ষা কৰক। এমাহৰ পাছত চাৰ্জশ্বীট দাখিল কৰা হ’ব।
যিদিনা চাৰ্জশ্বীট দাখিল কৰিব সিদিনা চৰকাৰে কিমান কৰিছে সেই কথা প্ৰমাণ হ’ব।জুবিনৰ ন্যায় দিবলৈ চৰকাৰে কি কৰিছে এমাহৰ পিছত সেয়া ৰাইজে দেখিবলৈ পাব।
লগতে পঢ়ক: আৰু মাত্ৰ কেইটামান ঘন্টাৰ অপেক্ষা; ধলপুৱাতে ছবিগৃহত শুভমুক্তি পাব ৰৈ ৰৈ বিনালে









