বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক বহিষ্কাৰ

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক বহিষ্কাৰ বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হৈছে । সোমবাৰে সন্ধিয়া এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ নেতা শৃংখল চলিহাই । এই সিদ্ধান্ত সন্দৰ্ভত শৃংখল চলিহাই কয় যে, বিকাশ অসমৰ বিৰুদ্ধে

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক বহিষ্কাৰ

বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমক সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হৈছে । সোমবাৰে সন্ধিয়া এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ নেতা শৃংখল চলিহাই ।

এই সিদ্ধান্ত সন্দৰ্ভত শৃংখল চলিহাই কয় যে, বিকাশ অসমৰ বিৰুদ্ধে সংগঠনৰ নেতৃত্বৰ ওচৰত বহু অভিযোগ আহিছে । সেয়েহে সংগঠনৰ নিজাববীয়া তদন্ত শেষ নোহোৱা পৰ্যন্ত বিকাশ অসমক সংগঠনৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ হৈছে । সংগঠনটোৰ কামৰূপ মহানগৰ সমিতিৰ মুখ্য সচিব আছিল বিকাশ অসম ।

উল্লেখ্য যে, সোমবাৰে ধনদাবী আৰু অপহৰণৰ অভিযোগত ৫ গৰাকীকৈ বীৰ লাচিত সেনাৰ সদস্য গ্ৰেপ্তাৰ হৈছিল । গ্ৰেপ্তাৰ হোৱা এই সদস্যকেইজনৰ পৰা বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত ধনদাবী পত্ৰ উদ্ধাৰ হৈছিল ।

ইফালে বিকাশ অসমক বিচাৰি তীব্ৰ অভিযান চলাইছে অসম আৰক্ষীয়ে । বৰ্তমানেও আত্মগোপন কৰি থকা স্বয়ম্ভূ নেতাগৰাকীক বিচাৰি আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে অভিযান ।   আনহাতে আজিল বিয়লি এখন সংবাদমেলৰ পৰাই সংগঠনটোৰ আন এজন শীৰ্ষ নেতা ৰন্টু পানীফুকনক আটক কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : বীৰ লাচিত সেনাৰ নেতা ৰন্টু পানীফুকনক আটক