ICU ত ভৰ্তি ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ; কেচ লোৱাৰ সময়তে হৈছিল আঘাতপ্ৰাপ্ত

ICU ত ভৰ্তি ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ ভাৰতৰ এদিনীয়া দলৰ উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ আহিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ সময়ত হাওঁফাওঁত আঘাত পোৱাৰ বাবে ছিডনীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান ক্ৰিকেটাৰ গৰাকীক আই চি ইউত ৰখা হৈছে।চিকিৎসাত তেওঁৰ আভ্যন্তৰীণ ৰক্তক্ষৰণৰ

ICU ত ভৰ্তি ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ

ভাৰতৰ এদিনীয়া দলৰ উপ-অধিনায়ক শ্ৰেয়াছ আয়াৰৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ আহিছে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলৰ সময়ত হাওঁফাওঁত আঘাত পোৱাৰ বাবে ছিডনীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৰ্তমান ক্ৰিকেটাৰ গৰাকীক আই চি ইউত ৰখা হৈছে।চিকিৎসাত তেওঁৰ আভ্যন্তৰীণ ৰক্তক্ষৰণৰ কথা পোহৰলৈ আহিছে।

ছিডনীৰ এদিনীয়া খেলৰ সময়ত এলেক্স কেৰীক আউট কৰিবলৈ শ্ৰেয়াছ আয়াৰে এক  কেচ লয়। কেচটো লোৱাৰ সময়ত তেওঁ পিছলৈ দৌৰি আছিল।

কিন্তু এই সময়ছোৱাত শ্ৰেয়াছে ভাৰসাম্য হেৰুৱাই পৰি বাওঁফালে বুকুত দুখ পায়।ফিল্ডিং শেষ কৰি যেতিয়া তেওঁ ড্ৰেছিং ৰুমলৈ উভতি আহিছিল,তাৰ পিছত বিষ আৰু উশাহ লোৱাত কষ্ট বাঢ়িবলৈ ধৰিলে,ইয়াৰ পিছত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।

চিকিৎসকৰ প্ৰতিবেদন অহাৰ পিছত দেখা গ’ল যে আভ্যন্তৰীণ ৰক্তক্ষৰণৰ সমস্যা হৈছে,যাৰ বাবে তেওঁক তৎক্ষণাত আই চি ইউত ভৰ্তি কৰিবলগীয়া হৈছিল।

তেওঁৰ স্বাস্থ্যৰ আৰোগ্যৰ ওপৰত নিৰ্ভৰ কৰি দুদিনৰ পৰা সাত দিনলৈ পৰ্যবেক্ষণত ৰখা হ’ব।ৰক্তক্ষৰণৰ ফলত সংক্ৰমণ ৰোধ কৰিবলৈ এইটো প্ৰয়োজনীয় বুলি চিকিৎসকে কৈছে।

লগতে পঢ়ক: গৌৰৱান্বিত অসমবাসী; ICC মহিলা বিশ্বকাপত অসমকন্যা উমা ছেত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ