আমেৰিকা-চীনৰ মাজত শীঘ্ৰে হ’ব বাণিজ্যিক চুক্তি; ট্ৰাম্পৰ গুৰুত্বপূৰ্ণ ঘোষণা

আমেৰিকা-চীনৰ মাজত শীঘ্ৰে হ’ব বাণিজ্যিক চুক্তি দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁৰ চৰকাৰে চীনৰ সৈতে ‘এটা ভাল চুক্তি’ কৰিবলৈ ওলাইছে।এই সপ্তাহত দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ত ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিব। দুয়োখন দেশৰ শীৰ্ষ বিষয়াসকলৰ মতে বাণিজ্যিক চুক্তিৰ ফ্ৰেমৱৰ্কো প্ৰায় সাজু হৈছে

আমেৰিকা-চীনৰ মাজত শীঘ্ৰে হ’ব বাণিজ্যিক চুক্তি

দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁৰ চৰকাৰে চীনৰ সৈতে ‘এটা ভাল চুক্তি’ কৰিবলৈ ওলাইছে।এই সপ্তাহত দক্ষিণ কোৰিয়া ভ্ৰমণৰ সময়ত ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰিব।

দুয়োখন দেশৰ শীৰ্ষ বিষয়াসকলৰ মতে বাণিজ্যিক চুক্তিৰ ফ্ৰেমৱৰ্কো প্ৰায় সাজু হৈছে আৰু এতিয়া মাত্ৰ চূড়ান্ত স্বাক্ষৰহে বাকী আছে।মালয়েছিয়াত ট্ৰাম্পে কয় যে,’মই ভাবো আমি চীনৰ সৈতে চুক্তি কৰিবলৈ ওলাইছো।’

এই বক্তব্য এনে এটা সময়ত প্ৰকাশ কৰিছে যেতিয়া কিছুদিনৰ পূৰ্বে তেওঁ চীনৰ সৈতে চুক্তি নকৰিলে ১০০% শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল।

মালয়েছিয়াত চলি থকা আছিয়ান সন্মিলনৰ সময়ত দুয়োখন দেশৰ মাজত চুক্তিৰ ফ্ৰেমৱৰ্কো প্ৰস্তুত কৰা হৈছিল।আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছাণ্টে কয় যে,এই চুক্তিয়ে ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া ১০০% শুল্কৰ ভাবুকি ৰোধ কৰিব আৰু আমেৰিকাৰ টিকটক বিক্ৰীৰ ক্ষেত্ৰতো চূড়ান্ত চুক্তি হোৱাৰ সম্ভাৱনা আছে।

বেছাণ্টে কয় যে,আমেৰিকা আৰু চীনে আপুৰুগীয়া খনিজ পদাৰ্থৰ ক্ষেত্ৰত চীনৰ নতুন নীতিক এবছৰৰ বাবে পিছুৱাই দিবলৈ সন্মত হৈছে।এই খনিজ পদাৰ্থবোৰ যুদ্ধ বিমান, স্মাৰ্টফোন আৰু বৈদ্যুতিক বাহনত ব্যৱহাৰ কৰা হয়।

লগতে পঢ়ক: ‘মই প্ৰতিমাহতে এখনকৈ যুদ্ধবন্ধ কৰো…’; ড’নাল্ড ট্ৰাম্পৰ বিস্ফোৰক মন্তব্য