ভাৰতৰ সৈতে কৌশলগত মিত্ৰতা ঘোষণা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ

ভাৰতৰ সৈতে কৌশলগত মিত্ৰতা ঘোষণা ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভাই কয় যে তেওঁ ভাৰতৰ সৈতে ৰাজনৈতিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতা বৃদ্ধিৰ বাবে কৌশলগত মিত্ৰতা গঠন কৰাৰ পৰিকল্পনা কৰিছে । উপ-ৰাষ্ট্ৰপতি গেৰাল্ডো আলকমিনৰ ভাৰত ভ্ৰমণৰ কিছু সময়ৰ পাছতে তেওঁ এই ঘোষণা কৰে

ভাৰতৰ সৈতে কৌশলগত মিত্ৰতা ঘোষণা ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভাই কয় যে তেওঁ ভাৰতৰ সৈতে ৰাজনৈতিক, অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতা বৃদ্ধিৰ বাবে কৌশলগত মিত্ৰতা গঠন কৰাৰ পৰিকল্পনা কৰিছে । উপ-ৰাষ্ট্ৰপতি গেৰাল্ডো আলকমিনৰ ভাৰত ভ্ৰমণৰ কিছু সময়ৰ পাছতে তেওঁ এই ঘোষণা কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা ভিডিঅ’ মেছেজত তেওঁ এই মন্তব্য কৰে ।

তেওঁৰ বাৰ্তাত লুলাই ভাৰতৰ সম্ভাৱনাক প্ৰশংসা কৰি ব্ৰাজিলৰ ভৱিষ্যত উন্নয়নৰ বাবে ভাৰতক এক ব্যতিক্ৰমী অংশীদাৰ বুলি অভিহিত কৰে । তেওঁ কয়, “অহা বছৰৰ আৰম্ভণিতে মোৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বাবে উপ-ৰাষ্ট্ৰপতি গেৰাল্ডো আলকমিনৰ ভাৰত ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ, কিয়নো ভাৰত এখন অসাধাৰণ বজাৰ । আমি ভাৰতৰ সৈতে ৰাজনৈতিক, মহাকাশ, উদ্যোগীকৰণ আৰু অৰ্থনৈতিক খণ্ডক সামৰি এক বৃহৎ মিত্ৰতা গঢ়ি তুলিব পাৰো ।”

বিশ্ব বাণিজ্যৰ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্ক সুদৃঢ় হৈছে । আগষ্ট মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্ৰাজিলৰ কেইবাটাও সামগ্ৰীৰ ওপৰত ৫০% কৰ আৰোপ কৰাৰ সিদ্ধান্ত লৈছিল, য’ত ইতিমধ্যে ২৬.৪% কৰ আৰোপ কৰা আছিল । একেদৰে ভাৰতীয় সামগ্ৰীৰ ওপৰতো ৫০% শুল্ক আৰোপ কৰা হৈছিল ।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাই কয় যে ভাৰত আৰু ব্ৰাজিলে পাৰস্পৰিক সন্মান আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখি আহিছে । তেওঁ লগতে কয় যে ভাৰতীয়সকলে ব্ৰাজিলক ভাল পায় আৰু ব্ৰাজিলৰ লোকে ভাৰতীয়ক ভাল পায় । গতিকে আমি ভাৰতৰ সৈতে এক শক্তিশালী কৌশলগত অংশীদাৰিত্ব গঢ়িম আৰু দুয়োখন দেশৰ অৰ্থনীতিৰ বিকাশ কৰিম ।

উল্লেখ্য যে জুলাই মাহত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে লুলাক সাক্ষাৎ কৰিছিল, য’ত বাণিজ্য, প্ৰতিৰক্ষা আৰু প্ৰযুক্তি খণ্ডত শক্তিশালী সহযোগিতাৰ বাবে ৰোডমেপ নিৰ্ধাৰণ কৰা হৈছিল । ২০২৬ চনৰ আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিব লুলাই ।

লগতে পঢ়ক : তাৎক্ষণিক যুদ্ধবিৰতিৰ সহমতত উপনীত পাকিস্তান-আফগানিস্তান