অপাৰেচন সিন্দুৰ মাত্ৰ এক ট্ৰেইলাৰ আছিল
শনিবাৰে লক্ষ্ণৌৰ ব্ৰাহ্মছ এৰোস্পেচ ইউনিটত নিৰ্মিত ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ প্ৰথমটো গোটৰ ফ্লেগ অফ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে । এই দিনটো কেৱল উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰৰ বাবে এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱাই নহয়, প্ৰতিৰক্ষা সামগ্ৰীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাৰ বাবে ভাৰতৰ সংকল্পকো শক্তিশালী কৰি তুলিছে ।
বিশ্বৰ আটাইতকৈ দ্ৰুত আৰু মাৰাত্মক সঠিক ষ্ট্ৰাইকৰ ক্ষমতা থকা ব্ৰাহ্মছ ছুপাৰছনিক মিছাইল প্ৰণালীৰ নিৰ্মাতা ব্ৰাহ্মছ এৰোস্পেছে লক্ষ্ণৌৰ নতুন ইন্টিগ্ৰেচন এণ্ড টেষ্ট ফেচিলিটিৰ পৰা প্ৰথমটো মিছাইল বেচ সম্পূৰ্ণ কৰিছে । এই অত্যাধুনিক প্ৰণালী ১১ মে’ত উদ্বোধন হোৱাৰ পিছত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ পৰে ।
এই সময়তে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন । প্ৰতিৰক্ষা খণ্ডত লক্ষ্ণৌৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । মই পাঁচ মাহ পূৰ্বে ব্ৰাহ্মছ ইউনিট উদ্বোধন কৰিছিলোঁ । আজি ইয়াৰ প্ৰথম চালান প্ৰেৰণ কৰা হ’ল । এয়া সাধাৰণ ঘটনা নহয় । অপাৰেচন সিন্দুৰে প্ৰমাণ কৰিলে যে বিজয় আমাৰ বাবে অভ্যাসত পৰিণত হৈছে ।”
পাকিস্তানক ৰঙাচকু ৰাজনাথ সিঙৰ-
পাকিস্তানক ৰঙাচকু দেখুৱাই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে,”বিশ্বই ভাৰতৰ শক্তিক স্বীকাৰ কৰিছে । দেশখন আত্মবিশ্বাসী যে আমি এতিয়া অতি শক্তিশালী । পাকিস্তানৰ প্ৰতি ইঞ্চি ব্ৰাহ্মছৰ পৰিসৰৰ ভিতৰত আছে । অপাৰেচন সিন্দুৰ আছিল মাত্ৰ এক ট্ৰেইলাৰ ।”
তেওঁ পুনৰ কয় যে, ব্ৰাহ্মছ তিনিওটা সশস্ত্ৰ বাহিনীৰ মেৰুদণ্ড । এই ইউনিট ৰাষ্ট্ৰৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰতীক । আমি যেতিয়াই দেশৰ যিকোনো প্ৰান্তত ব্ৰাহ্মছৰ বিষয়ে আলোচনা কৰো তেতিয়াই আমি ইয়াৰ ওপৰত আস্থা দেখিবলৈ পাওঁ । সৰু ল’ৰা-ছোৱালীৰ পৰা বৃদ্ধলৈকে সকলোৱে ইয়াৰ প্ৰশংসা কৰে । এই আত্মবিশ্বাস আমাৰ শক্তি । অনুষ্ঠানৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী যোগীয়ে বুষ্টাৰ ডকিং প্ৰক্ৰিয়াৰ সাক্ষী হয় ।
লগতে পঢ়ক : দিল্লীৰ ব্ৰহ্মপুত্ৰ এপাৰ্টমেণ্টত ভয়ংকৰ অগ্নিকাণ্ড…









