জন সূৰজ দলে প্ৰকাশ কৰিলে প্ৰথমখন তালিকা
বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰশান্ত কিশোৰৰ জন সূৰজ পাৰ্টিয়ে বৃহস্পতিবাৰে প্ৰথমখন তালিকা প্ৰকাশ কৰে।এখন সংবাদমেল যোগে দলটোৱে ৫১ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।
জন সূৰজৰ হৈ ৰাজ্যিক সভাপতি মনোজ ভাৰতী আৰু ৰাষ্ট্ৰীয় সভাপতি পাপ্পু সিঙে সংবাদমেল সম্বোধন কৰে।ইয়াৰ মাজতে ৫১ জন প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে।
তেওঁলোকে ঘোষণা কৰিছে যে, প্ৰশান্ত কিশোৰে নিজেই ১১ অক্টোবৰত তেজস্বী যাদৱৰ বিধান সভা সমষ্টি ৰাঘোপুৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব।
এই পদক্ষেপে দেখুৱাইছে যে জন সূৰজে এতিয়া নিজৰ ৰাজনৈতিক যাত্ৰা নিৰ্বাচনী ক্ষেত্ৰলৈ লৈ যাবলৈ সম্পূৰ্ণ সাজু হৈছে।
উল্লেখ্য যে, ৬ আৰু ১১ নৱেম্বৰত বিহাৰত দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ১৪ নৱেম্বৰত ফলাফল ঘোষণা কৰা হ’ব। বিহাৰত প্ৰথম পৰ্যায়ত ১২১খন আৰু দ্বিতীয় পৰ্যায়ত ১২২খন আসনত ভোটগ্ৰহণ হ’ব।
লগতে পঢ়ক: ব্ৰিটিছ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ









