বিহাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা; দুটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ

বিহাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা; দুটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ

বিহাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা আৰম্ভ হ’ল বহু চৰ্চিত বিহাৰ নিৰ্বাচনৰ কাউন্ট-ডাউন । সোমবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচনৰ বিহাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে । দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ নিৰ্বাচন । ৬ নৱেম্বৰত প্ৰথম পৰ্যায় আৰু ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ।

বিহাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা

আৰম্ভ হ’ল বহু চৰ্চিত বিহাৰ নিৰ্বাচনৰ কাউন্ট-ডাউন । সোমবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচনৰ বিহাৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে । দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ নিৰ্বাচন । ৬ নৱেম্বৰত প্ৰথম পৰ্যায় আৰু ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব । ১৪ নৱেম্বৰত ঘোষণা হ’ব ফলাফল ।

২৪৩ খন আসনৰ বাবে অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন । বিগত দুদিনত মুখ্য নিৰ্বাচনী আয়ুক্তই বিহাৰ ভ্ৰমণ কৰি সকলো ৰাজনৈতিক দলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে । উল্লেখ্য যে, বৰ্তমানৰ বিহাৰ বিধানসভাৰ কাৰ্যকাল ২২ নৱেম্বৰত শেষ হ’ব ।

মুখ্য নিৰ্বাচনৰ আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে ৩০ ছেপ্টেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে, কিন্তু যদি ইয়াত কোনো ভুল বা নাম বাদ পৰিছে, তেন্তে মনোনয়নৰ ১০ দিন পূৰ্বে ইয়াক শুধৰাব পৰা যাব । তেওঁ কয় যে এইবাৰ বিহাৰত নিৰ্বাচন অতি সহজ হ’ব, ভোটাৰসকলৰ সুবিধাৰ বাবে বিশেষ ধ্যান দিয়া হৈছে ।

২০২৫ চনৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্ত তথ্য অনুসৰি বিহাৰত মুঠ ভোটাৰৰ সংখ্যা ৭.৪৩ কোটি । নিৰ্বাচন আয়োগৰ মতে, বিহাৰৰ মুঠ ভোটাৰ ৭.৪৩ কোটি । পুৰুষ ভোটাৰ ৩.৯২ কোটি, মহিলা ভোটাৰ ৩.৫০ কোটি আৰু তৃতীয় লিংগৰ ভোটাৰ ১,৭২৫ গৰাকী । ১৮ৰ পৰা ১৯ বছৰ বয়সৰ ১৪.০১ লাখ লোকে প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত ভোটদান কৰিব ।

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ত ভয়ংকৰ ঘটনা: মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপৰ চেষ্টা অধিবক্তাৰ