মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ হাগ্ৰামা মহিলাৰীৰ
চতুৰ্থবাৰৰ বাবে বিটিছিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত ল’লে হাগ্ৰামা মহিলাৰীয়ে। বডোফা নগৰত বিশাল সামৰোহৰ মাজত শপত ললে তেওঁলোকে। পাঁচ বছৰৰ পিছত পুনৰ শাসনৰ গাদীলৈ উভতি আহিছে হাগ্ৰামা।
প্ৰতিকূল বতৰৰ মাজতে কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড সচিবালয় খেলপথাৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়েও উপ-চিইএম হিচাপে শপত গ্ৰহণ কৰে।

প্ৰৱল প্ৰত্যাহ্বানৰ মাজতো বিপিএফক ৰুধিবলৈ সক্ষম নহ’ল বিজেপি আৰু ইউপিপিএলে। বিপিএফে ২৮ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে পাঁচখন আৰু ইউপিপিএলে ৭ খন আসনতে সীমাবদ্ধ থাকে।
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত থাকে মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
লগতে পঢ়ক: ‘BPF আৰু UPPL একেলগে থাকিব নোৱাৰে’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য









