BPF

‘BPF আৰু UPPL একেলগে থাকিব নোৱাৰে’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

BPF আৰু UPPL একেলগে থাকিব নোৱাৰে কাইলৈ BTC প্ৰধান হিচাপে শপত ল’ব হাগ্ৰামা মহিলাৰীয়ে।২৮ খন আসনেৰে BTC জয় কৰাৰ পাছত এতিয়া হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ।শপত লোৱাৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে মিত্ৰতাৰ সন্দৰ্ভত বিজেপিক বান্ধি দিছে কঠোৰ চৰ্ত। এই চৰ্ত অনুসৰি NDAৰ পৰা UPPLক বাহিৰ নকৰিলে বিজেপিৰ সৈতে

BPF আৰু UPPL একেলগে থাকিব নোৱাৰে

কাইলৈ BTC প্ৰধান হিচাপে শপত ল’ব হাগ্ৰামা মহিলাৰীয়ে।২৮ খন আসনেৰে BTC জয় কৰাৰ পাছত এতিয়া হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ।শপত লোৱাৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে মিত্ৰতাৰ সন্দৰ্ভত বিজেপিক বান্ধি দিছে কঠোৰ চৰ্ত।

এই চৰ্ত অনুসৰি NDAৰ পৰা UPPLক বাহিৰ নকৰিলে বিজেপিৰ সৈতে মিত্ৰতা নহ’ব BPFৰ।ULLP ক বাহিৰ কৰিলেহে NDA ত সোমাব BPF।

মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে স্পষ্ট কৰি দিলে এই কথা। শপত গ্ৰহণৰ পূৰ্বে বিপিএফৰ দ্বিতীয় নীতি নিৰ্ধাৰক সমিতিত লোৱা হৈছে এই সিদ্ধান্ত।

তাৰ পিছতেই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। তেওঁ কৈছে যে ‘বিপিএফ আৰু UPPL এনেও একেলগে থাকিব নোৱাৰে। চৰকাৰত কোন থাকিব সেয়া সময়ত বিজেপিয়ে সিদ্ধান্ত ল’ব।

লগতে পঢ়ক: ‘তেওঁ সকলো স্থানতে দেশখনক বদনাম কৰে…’; ৰাহুল গান্ধীক কংগনা ৰানাৱতে ক’লে কলংক