Drishti

Drishti IAS এ UPSC ৰ ছাত্ৰ-ছাত্ৰী বাছনিৰ বাবে দিছিল ভুৱা বিজ্ঞাপন; ৫ লাখ টকাৰ জৰিমনা

Drishti IAS এ ছাত্ৰ-ছাত্ৰী বাছনিৰ বাবে দিছিল ভুৱা বিজ্ঞাপন কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই Drishti IAS ৰ ওপৰত UPSC অসামৰিক সেৱা পৰীক্ষা ২০২২ ৰ ফলাফল সন্দৰ্ভত বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ বাবে ৫ লাখ টকাৰ জৰিমনা বিহা হৈছে। চিচিপিএৰ মতে, Drishti আই এ এছে নিজৰ বিজ্ঞাপনত মিছাকৈ দাবী

Drishti IAS এ ছাত্ৰ-ছাত্ৰী বাছনিৰ বাবে দিছিল ভুৱা বিজ্ঞাপন

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই Drishti IAS ৰ ওপৰত UPSC অসামৰিক সেৱা পৰীক্ষা ২০২২ ৰ ফলাফল সন্দৰ্ভত বিভ্ৰান্তিকৰ বিজ্ঞাপন দিয়াৰ বাবে ৫ লাখ টকাৰ জৰিমনা বিহা হৈছে।

চিচিপিএৰ মতে, Drishti আই এ এছে নিজৰ বিজ্ঞাপনত মিছাকৈ দাবী কৰিছিল যে তেওঁলোকে ২১৬+ প্ৰাৰ্থী নিৰ্বাচিত কৰিছে।

কিন্তু আচলতে এই সফলতাত প্ৰতিষ্ঠানটোৰ ভূমিকা আৰু পাঠ্যক্ৰমৰ বিষয়ে তথ্য লুকুৱাই ৰখা হৈছিল। এই গোচৰটো বিগত বছৰবোৰত একেধৰণৰ অভিযোগ আৰু জৰিমনা বিহাৰ দ্বিতীয়টো উদাহৰণ, ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে কোচিং ইনষ্টিটিউটসমূহে নিজৰ বিজ্ঞাপনত সম্পূৰ্ণ আৰু সঠিক তথ্য দিব লাগিব।

তদন্তৰ অন্তত চিচিপিএই এই দাবী মিছা বুলি ধৰা পেলায় আৰু ইয়াত এই প্ৰাৰ্থীসকলে বাছি লোৱা পাঠ্যক্ৰমৰ প্ৰকাৰ আৰু সময়সীমাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লুকুৱাই ৰাখিছিল।

তদন্তত প্ৰকাশ পাইছে যে দৃষ্টি আই এ এছে দাবী কৰা ২১৬ জন প্ৰাৰ্থীৰ ভিতৰত, ১৬২ (৭৫%) লোকে ইউপিএছচি চিএছই প্ৰি এণ্ড মেইনছ ক্লিয়াৰ কৰাৰ পিছত দৃষ্টি আই এ এছৰ বিনামূলীয়া সাক্ষাৎকাৰ অনুশীলন কাৰ্যসূচীত অংশ লৈছিল। ইয়াৰ পিছত মাত্ৰ ৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে আই জি পি+ অন্যান্য পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল।

চিচিপিএই লগতে উল্লেখ কৰে যে দৃষ্টি আইএএছৰ ওপৰত একেধৰণৰ বিজ্ঞাপনৰ বাবে  দ্বিতীয়বাৰৰ বাবে জৰিমনা বিহা হৈছে।

লগতে পঢ়ক: মুকলি কৰা হ’ল জিপিএছচি মেডিকেল অফিচ প্ৰিলিমচ পৰীক্ষাৰ সময়সূচী…