বেলতলা বিহু সন্মিলনীৰ ডাঙৰ সিদ্ধান্ত
বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকে জানিবলৈ দিয়া মতে অহা ব’হাগত বিহু নাপাতে বেলতলা ব’হাগী উৎসৱ উদযাপন সমিতিয়ে।
সম্পূৰ্ণ এটা বৰ্ষলৈ সকলো কাৰ্যসূচী বাতিল কৰিছে সমিতিখনে। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই বিহু সমিতিখনে এই সিদ্ধান্ত লৈছে।
উদযাপন সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে কয় যে, এইবাৰ আমাৰ বাবে বিহু উদযাপন কৰাটো অসম্ভৱ। জুবিন অবিহনে বিহু পতা-নপতাটো একেই কথা। সেয়ে এইবৰ্ষৰ সকলো কাৰ্যসূচী আমি বাতিল কৰিছো।
লগতে পঢ়ক: ‘ছিংগাপুৰত য়টত থকা সকলোৱে দোষী’; আদ্যশ্ৰাদ্ধৰ দিনা গৰিমা শইকীয়া গাৰ্গৰ বিস্ফোৰক মন্তব্য









