খিতাপ জয়ৰ পিছত সূৰ্যকুমাৰ যাদৱৰ ডাঙৰ সিদ্ধান্ত
ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এছিয়া কাপ ২০২৫ ত ভাৰতৰ হাতত ধৰাশায়ী হ’ল চিৰ বৈৰী পাকিস্তান।
বিজয়ৰ পিছত ভাৰতীয় দলটোৱে এছিয়া ক্ৰিকেট পৰিষদৰ সভাপতি আৰু পাকিস্তানী গৃহমন্ত্ৰী মহছিন নকৱীৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
ইফালে ভাৰতীয় ক্ৰিকেট দলৰ টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে এটা ডাঙৰ ঘোষণা কৰি কয় যে, তেওঁ এছিয়া কাপৰ সকলো খেলৰ মাচুল ভাৰতীয় সেনাক দান কৰিব বিচাৰিছে।
পাকিস্তানক পৰাস্ত কৰাৰ পিছত সূৰ্য্যকুমাৰ যাদৱে কয়, ‘মই ব্যক্তিগতভাৱে এই প্ৰতিযোগিতাখনৰ বাবে মোৰ সকলো মেচৰ মাচুল ভাৰতীয় সেনাৰ নামত দিব বিচাৰো।’
খেলৰ পাছৰ সংবাদমেলত ভাষণ দি সূৰ্যকুমাৰেও এছিয়া কাপৰ ট্ৰফী লাভ নকৰাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, “আমি দল হিচাপে মহচিন নাকভীৰ পৰা ট্ৰফী গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিলো। আমাক কোনেও কোৱা নাছিল, কিন্তু মই ভাবো প্ৰতিযোগিতাখনত জয়ী হোৱা দলটোৱে, ট্ৰফীটোৰ যোগ্য।
তেওঁ লগতে কয় যে, মই ইমান বছৰে ক্ৰিকেট খেলিলো আৰু ইয়াক অনুসৰণ কৰাৰ সময়ত কেতিযাও এনে দেখা নাছিলো,এটা চেম্পিয়ন দলক ট্ৰফী দিয়া হোৱা নাই আৰু এইটো আছিল অতি কষ্টেৰে জয়ী হোৱা ট্ৰফী।
এইটো সহজ নাছিল,আমি একেৰাহে দুদিন মেচ খেলিছিলো।মই অনুভৱ কৰিলোঁ যে আমি সঁচাকৈয়ে ইয়াৰ যোগ্য। ইয়াতকৈ বেছি একো কব বিচৰা নাই।
লগতে পঢ়ক: নৱমবাৰলৈ এছিয়া কাপত ভাৰতৰ জয়; পাকিস্তানী মন্ত্ৰীৰ পৰা টীম ইণ্ডিয়াই নল’লে ট্ৰফী









