প্ৰমোদ বড়ো

বড়োভূমিত উৰিল BPF ৰ পতাকা; গাদীচ্যুত প্ৰমোদ বড়ো

গাদীচ্যুত প্ৰমোদ বড়ো আনুষ্ঠানিক ভাবে ঘোষণা হ’ল BTCৰ চূড়ান্ত ফলাফল। BPFয়ে দখল কৰিলে বড়োভূমি। বি টি চিৰ নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা লাভেৰে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে হাগ্ৰামা নেতৃত্বাধীন বি পি এফে।মুঠ ৪০ খন আসনৰ ভিতৰত BPFৰ দখললৈ আহিল ২৮খনকৈ আসন। প্ৰবল আত্মবিশ্বাসেৰে বিটিচিৰ মচনদলৈ আকৌ

গাদীচ্যুত প্ৰমোদ বড়ো

আনুষ্ঠানিক ভাবে ঘোষণা হ’ল BTCৰ চূড়ান্ত ফলাফল। BPFয়ে দখল কৰিলে বড়োভূমি। বি টি চিৰ নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতা লাভেৰে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে হাগ্ৰামা নেতৃত্বাধীন বি পি এফে।মুঠ ৪০ খন আসনৰ ভিতৰত BPFৰ দখললৈ আহিল ২৮খনকৈ আসন।

প্ৰবল আত্মবিশ্বাসেৰে বিটিচিৰ মচনদলৈ আকৌ আহিল হাগ্ৰামা মহিলাৰী।ইফালে মাত্ৰ ৭ খন আসনহে দখল কৰিলে প্ৰমোদ বড়োৰ UPPL এ। গাদীচ্যুত হ’ল প্ৰমোদ বড়ো।

ইফালে মাত্ৰ ৫ খন আসনতে বিজেপি থমকি ৰোৱাৰ লগতে বিটিচি পৰিষদীয় নিৰ্বাচনত এখনো আসন নাপালে কংগ্ৰেছে।

পৰ্বতঝোৰা, গুমা, জামদুৱাৰ, চৰাইবিল, কচুগাঁও, দতমা, ফকিৰাগ্ৰাম, বানৰগাঁও, দেৱৰগাঁও,বাওঁখুংগ্ৰী, চালাকাটি, চিৰাং, কাজলগাঁও, নিচিমা, সবাইঝাৰ, থুৰীবাৰী, মাথাংগুৰি, ছালবাৰী, দিহিৰা, শুক্লাই চেৰফাং, গুৰেশ্বৰ,খৈৰৰাবাৰী, ননৈ চেৰফাং, হৰিশিঙা, ধনশ্ৰী, ভৈৰৱকুণ্ড, পাঁচনৈ চেৰফাং, ৰৌতাত BPFৰ বিজয়।

লগতে পঢ়ক: BTCত হাগ্ৰামাৰ COMEBACK; চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ BPF