নীৰজ চোপ্ৰা

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত থমকিল অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা…

থমকিল অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা টকিঅ’ত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ৰ পুৰুষৰ জেভেলিন থ্ৰ’ ফাইনেলত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰাই অষ্টম স্থান দখল কৰে। নীৰজৰ শ্ৰেষ্ঠ থ্ৰ’ আছিল ৮৪.০৩ মিটাৰ (দ্বিতীয় প্ৰচেষ্টা)।নীৰজৰ উপৰিও শচীন যাদৱেও ভাৰতৰ হৈ এই প্ৰতিযোগিতাত

থমকিল অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা

টকিঅ’ত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ৰ পুৰুষৰ জেভেলিন থ্ৰ’ ফাইনেলত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰাই অষ্টম স্থান দখল কৰে।

নীৰজৰ শ্ৰেষ্ঠ থ্ৰ’ আছিল ৮৪.০৩ মিটাৰ (দ্বিতীয় প্ৰচেষ্টা)।নীৰজৰ উপৰিও শচীন যাদৱেও ভাৰতৰ হৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।কিন্তু ২০২৫ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ পদক লাভৰ সপোন পূৰণ নহ’ল।

নীৰজৰ পিছত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ৰ পৰা শচীন যাদৱো বাহিৰ হৈছে। নীৰজে এই চেম্পিয়নশ্বিপ ৮ম স্থানত আৰু শচীন যাদৱে ৪ৰ্থ স্থানত সমাপ্ত কৰে।

এই প্ৰতিযোগিতাখনত ট্ৰিনিদাদ এণ্ড ট’বাগোৰ কেশ্বৰ্ণ ৱালকটে স্বৰ্ণ পদক লাভ কৰে।এই খেলুৱৈগৰাকীয়ে ৮৮.১৬ মিটাৰ দূৰত্ব নিক্ষেপ কৰিছিল।গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছে ৮৭.৩৮ মিটাৰ থ্ৰ’ৰে দ্বিতীয় স্থান দখল কৰে।

লগতে পঢ়ক: এছিয়া কাপত ভাৰত-পাকিস্তানৰ আন এক সংঘৰ্ষ নিশ্চিত… এই তাৰিখত অনুষ্ঠিত হ’ব এই মেচ