বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি মীনাক্ষীৰ
দেওবাৰে ভাৰতীয় অনুৰাগীৰ বাবে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পৰা আহিল এক ডাঙৰ খবৰ।সন্ধিয়া খেলৰ বাবে অপেক্ষা কৰি থকা সকলক মীনাক্ষী হুদাই অনুৰাগীক এক সুন্দৰ খবৰ দিলে।
১৪ ছেপ্টেম্বৰ দেওবাৰে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰে। এই পদক লাভ কৰি দেশৰ কন্যাই ইতিহাস ৰচনা কৰিলে।
ফাইনেলত বহুবাৰৰ বিশ্বৰ স্বৰ্ণ পদক বিজয়ী আৰু পেৰিছ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী নাজিম কিজাইবেক পৰাস্ত কৰি মীনাক্ষীয়ে স্বৰ্ণ পদক লাভ কৰে।
দেওবাৰে লিভাৰপুলত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০২৫ত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈ মীনাক্ষীয়ে ইতিহাস ৰচনা কৰে।
২৪ বছৰীয়া এই মহিলা বক্সাৰগৰাকীয়ে কাজাখাস্তানৰ নাজিম কিজাইবাইক ৪-১ত পৰাস্ত কৰে।তেওঁৰ প্ৰতিদ্বন্দ্বীয়ে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
এইখন জুন–জুলাই মাহত আস্তানাত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেলৰ পুনৰ মেচ আছিল,য’ত স্থানীয় বক্সাৰজনে জয়লাভ কৰিছিল।
এছিয়ান চেম্পিয়নশ্বিপ আৰু বিশ্বকাপৰ প্ৰাক্তন ৰূপৰ পদক বিজয়ী মীনাক্ষীয়ে ৪৮ কেজি ছেমি ফাইনেলত মংগোলিয়াৰ লুটচাইখনী আলটানচেট্চেক ৫-০ত পৰাস্ত কৰে।
ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা বক্সাৰ জেচমিন লেম্ব’ৰিয়াই (মহিলা ৫৭ কেজি) শনিবাৰে পোলেণ্ডৰ শ্বেৰমেটা জুলিয়াক ৪-১ ত পৰাস্ত কৰি নিজৰ শাখাত স্বৰ্ণ পদক লাভ কৰে।
লগতে পঢ়ক: ‘পাকিস্তানৰ সৈতে মেচখন আমাৰ মুখত চৰ…’; শুভম দ্বিবেদীৰ পত্নীৰ BCCI ক তীব্ৰ সমালোচনা